ETV Bharat / bharat

ফ্লেট ক্ৰয় কৰোঁতা-নিৰ্মাতাৰ চুক্তি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

ফ্লেট ক্ৰয় কৰাৰ সময়ত গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰলৈ সোমবাৰে এক জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে । ৰিয়েল এষ্টেট খণ্ডত "মডেল বিল্ডাৰ চুক্তি" আৰু "এজেণ্ট-ক্ৰেতা চুক্তি" প্ৰস্তুত কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিবলৈ আহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল । এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰে ।

author img

By

Published : Oct 4, 2021, 1:36 PM IST

Supreme Court on model builder agreement
ফ্লেট ক্ৰয় কৰোঁতা, নিৰ্মাতাৰ চুক্তি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ৪ অক্টোবৰ: ফ্লেট বিক্ৰী কৰাৰ নামত নিৰ্মাতাই যাতে যধে-মধে যিকোনো চৰ্ত গ্ৰাহকৰ ওপৰত জাপি দিব নোৱাৰে, সেই বিষয়ত গুৰুত্ব আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে । সোমবাৰে এই বিষয়ক এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ বি ভি নাগাৰাথনাৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰলৈ এখন জাননী জাৰি কৰে । ৰিয়েল এষ্টেট খণ্ডত নিকা আৰু নিৰপেক্ষতা অক্ষুণ্ণ ৰাখিবলৈ, নিৰ্মাতা আৰু এজেণ্টসকলক অন্যায় আৰু অসৎ বাণিজ্য পদ্ধতিত লিপ্ত হোৱাৰ পৰা বিৰত ৰাখিবলৈ "মডেল বিল্ডাৰ চুক্তি" আৰু "এজেণ্ট-ক্ৰেতা চুক্তি" প্ৰস্তুত কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিবলৈ আহ্বান জনাই আবেদনখন উচ্চতম ন্য়ায়ালয়ত দাখিল কৰা হৈছিল । আদালতে এই আবেদনখনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰলৈ জাননী জাৰি কৰে ।

শুনানি গ্ৰহণ কৰি ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ বি ভি নাগাৰাথনাৰ বিচাৰপীঠে কয় যে, ক্ৰেতাসকলৰ সুৰক্ষাৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ বিষয় । জাননীখনত উল্লেখ কৰা হৈছে যে, প্ৰায়ে এই সমস্যাটো নিৰ্মাতাসকলে নিৰ্ধাৰণ কৰি দিয়া চুক্তিৰ ক্ষেত্ৰত সৃষ্টি হয় । লাখ লাখ ফ্লেট ক্ৰয় কৰোঁতাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰই এক অভিন্ন নিৰ্মাতা-ক্ৰেতা চুক্তি প্ৰস্তুত কৰা প্ৰয়োজন আছে বুলি বিচাৰপীঠে কয় । আবেদনকাৰীয়ে অভিযোগ তুলিছিল যে মডেল চুক্তিৰ নথকাৰ বাবে ফ্লেট ক্ৰয় কৰোঁতাসকলে নিৰ্মাতাৰ সকলো চৰ্তাৱলী আৰু নিয়মাৱলী মানি ল'বলগীয়া হয় ।

বিচাৰপীঠে লগতে আঙুলিয়াই দিয়ে যে, কেন্দ্ৰই "মডেল বিল্ডাৰ চুক্তি" প্ৰস্তুত কৰি ৰাজ্য চৰকাৰসমূহক এই চুক্তি মানি চলিবলৈ নিৰ্দেশ দিব পাৰে ।

গ্ৰাহক সুৰক্ষা এক গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰায়ে নিৰ্মাতাসকলে যিকোনো চৰ্ত ৰাখি গ্ৰাহকক সমস্যাত পেলায় বুলি আবেদনকাৰীয়ে অভিযোগ তোলে । উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অশ্বিনী উপাধ্যায়ে দাখিল কৰা আবেদনখনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দিয়ে । জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে আবেদনকাৰীৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ।

লগতে পঢ়ক:Lakhimpur violence : দেশজুৰি BKUৰ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.