নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ : দেওবাৰে বিহাৰৰ ঔৰংগাবাদ জিলাৰ এখন নদীত চাৰিগৰাকী কিশোৰী আৰু এজন ৪০ বছৰীয়া ব্যক্তি ডুব যায়(Five drown in river in Bihar) । ৰাজ্যখনৰ ৰাজধানী পাটনাৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ দূৰৰ হামিদনগৰ গাঁৱত সংঘটিত হয় শোকাৱহ ঘটনাটো । ১৩-১৪ বছৰীয়া চাৰিগৰাকী কিশোৰীয়ে পুন পুন নদীত কাপোৰ ধুবলৈ যাওতেই সংঘটিত হয় এই ঘটনা ।
নদীখনত কাপোৰ ধুই থাকোতেই হঠাৎ এগৰাকী কিশোৰী পানীত পৰি যায় । পাৰত থকা আন তিনিগৰাকী কিশোৰীয়ে পানীত পৰা কিশোৰীগৰাকীক উদ্ধাৰৰ চেষ্টা চলাওতেই তেওঁলোকো নদীখনত ডুবি যায় । এই দৃশ্য প্ৰত্যক্ষ কৰি ওচৰতে থকা এগৰাকী লোকে কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰিবলৈ পানীত জাঁপ দিয়ে ।
দুৰ্ভাগ্যবশতঃ উদ্ধাৰ কৰিবলৈ যোৱা লোকজনক কিশোৰীকেইগৰাকীয়ে টানি ধৰাত ডুব যায় ৪০ বছৰীয়া লোকজন । যাৰ ফলত পাঁচোজনৰে সলিল সমাধি ঘটে । স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী এটা দল ।
লগে লগে আৰক্ষীয়ে পেছাদাৰী ডুবাৰু মোতায়ন কৰে । ডুবাৰুৰ দলটোৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বাতৰি সংগ্ৰহৰ সময়লৈ মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই (Bihar downing incident)।
আনহাতে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে (Bihar CM Nitish Kumar)। লগতে জিলা প্ৰশাসনক মৃতকৰ আত্মীয়ক ৪ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: Hajj pilgrims 2022: ডিঙিত অসমীয়াৰ স্বভিমান গামোচা লৈ পবিত্ৰ মক্কালৈ ৰাওনা হজযাত্ৰী