নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী: দেশত ক্ৰমান্বয়ে সংঘটিত হৈ আছে হত্যা, ধৰ্ষণ আদিৰ দৰে জঘন্য ঘটনা । পুনৰ তেনে এক জঘন্য ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ মহীশূৰত । পাঁচজনকৈ নৰপিশাচৰ কামনাৰ বলি হয় এগৰাকী গৃহহীন পদপথৰ মহিলা ।
কৰ্ণাটকৰ মহীশূৰৰ কে টি পথত মঙলবাৰে পুৱা সুৰাৰ ৰাগীত মাতাল পাঁচ নৰপিশাচে গৃহহীন মহিলাগৰাকীক প্ৰথমে দলবব্ধ ধৰ্ষণ কৰি হত্যা কৰে । ধৰ্ষণকাৰী কেইজনে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ পূৰ্বে সুৰাপান কৰোৱাইছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত লস্কৰ আৰক্ষীয়ে ধৰ্ষণ আৰু হত্যাৰ অভিযোগত পাঁচ নৰপিশাচৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । চিচিটিভিৰ ফুটেজৰ ওপৰত ভিত্তি কৰি আটাকেইজনৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: জগন্নাথ মন্দিৰলৈ ৪.৮৫৮ কিল’গ্ৰাম সোণ দান