ETV Bharat / bharat

দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত 5 জন লোক নিহত

ওড়িশাৰ ঢেংকানাল জিলাৰ 5 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কামক্ষ্যনগৰ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Kamakshyanagar)৷ এখন দ্ৰুতবেগী কয়লা ভৰ্তি ট্ৰাকে যাত্ৰীবাহী অট’ ৰিক্সাত খুন্দা মৰাৰ ফলত 5 গৰাকী আৰোহী থিতাতে নিহত হয় (Five killed in road accident)৷

author img

By

Published : Aug 28, 2022, 10:38 AM IST

দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত 5 অট’ ৰিক্সা আৰোহী নিহত

নেশ্যনেল ডেস্ক, 28 আগষ্ট: ওড়িশাত দেওবাৰে পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Odisha)৷ ৰাজ্যখনৰ ঢেংকানাল জিলাৰ 5 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কামক্ষ্যনগৰ অঞ্চলত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত এজন নাবালকসহ প্ৰায় পাঁচজন লোক নিহত হয় (Speeding truck hits auto rickshaw)৷

এখন দ্ৰুতবেগী কয়লা ভৰ্তি ট্ৰাকে যাত্ৰীবাহী অট’ ৰিক্সাত খুন্দা মৰাৰ ফলত 5 গৰাকী আৰোহী থিতাতে নিহত হয় (Five killed in road accident)৷ মৃত লোককেইগৰাকী বাংগুৰা গাঁৱৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷ কিছু কামৰ বাবে লোককেইগৰাকীয়ে অট’ৰিক্সাখন ভাড়া কৰি মুক্তেচী অঞ্চললৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় (road accident in Odisha)৷

মৃত লোককেইগৰাকী অনন্ত ছামল, প্ৰহলাদ ছামল, আদিকন্দ ছামল, অংকুৰ ছামল আৰু তেওঁৰ পুত্ৰ দিবিয়াৰঞ্জন ছামল বুলি চিনাক্ত কৰা হৈছে ।

ইফালে ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকজনে ঘটনাস্থলীতে বাহনখন এৰি পলাই যাবলৈ সক্ষম হয় ৷ কামক্ষ্যনগৰ আৰক্ষীয়ে বাহন দুখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: গহপুৰৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫ জন আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.