ETV Bharat / bharat

Pseudoephedrine smuggling case : ভাৰতৰ মাজেৰে বহু দেশলৈ সৰবৰাহ ড্ৰাগছ !

author img

By

Published : Dec 21, 2022, 12:53 PM IST

শেহতীয়াকৈ, আৰক্ষীয়ে নাচাৰামৰ হায়দৰাবাদ বিমানবন্দৰৰ পৰা ৯ কোটি টকাৰ ৮.৫ কিলোগ্ৰাম এফেড্ৰিন ড্ৰাগছ জব্দ কৰে (Pseudoephedrine seized in Hyderabad)। এই ঘটনাৰ তদন্তৰ মাজতে আৰক্ষীয়ে লাভ কৰিছে গুৰুত্বপূৰ্ণ তথ্য । ঘটনাৰ মূল অভিযুক্তই অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশলৈও ভাৰতৰ মাজেৰে ড্ৰাগছ সৰবৰাহ কৰি আছিল ।

Pseudoephedrine smuggling case
ভাৰতৰ মাজেৰে বহু দেশলৈ সৰবৰাহ ড্ৰাগছ

নেশ্যনেল ডেস্ক,২১ ডিচেম্বৰ : দেশত অব্যাহত আছে গাঞ্জা, নিচা জাতীয় টেবলেট, ড্ৰাগছ আদিৰ দৰে নিষিদ্ধ সামগ্ৰী সৰবৰাহ । ভাৰতৰ মাজেৰেই চুবুৰীয়া আৰু আন আন দেশলৈও সৰবৰাহ হৈ আহিছে এই নিষিদ্ধ সামগ্ৰীসমূহ । বিশেষকৈ ভাৰতৰ অন্যতম উন্নত চহৰ পুনে আৰু হায়দৰাবাদৰ মাজেৰেই অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশলৈ সৰবৰাহ হৈ আছে ড্ৰাগছ (Drugs Transportation through Pune and Hyderabad)।

ড্ৰাগছ সৰবৰাহৰ এক গোচৰৰ তদন্তৰ সময়তে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে (Pseudoephedrine smuggling case)। পুনে আৰু হায়দৰাবাদ বিমানবন্দৰৰ মাজেৰে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ শ শ কোটি টকাৰ ড্ৰাগছ সৰবৰাহ হৈ আহিছে । আৰক্ষীয়ে তদন্তৰ মাজতে জানিব পাৰিছে যে ড্ৰাগছ সৰবৰাহ গোচৰৰ অভিযুক্তজনো বৃহৎ পৰিমাণৰ এফেড্ৰিন ড্ৰাগছ মালয়েছিয়া আৰু ছিংগাপুৰলৈ সৰবৰাহ কৰিছিল ।

খবৰ অনুসৰি সামগ্ৰীখিনি মূল্য হ'ব কেইবা শ কোটি টকা । অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ পঠিওৱা ঠিকনা, অভিযুক্তৰ ফোনৰ তথ্য আৰু কুৰিয়াৰ কোম্পানীৰ পৰা তথ্য লাভ কৰি আৰক্ষী নিশ্চিত হৈছে যে নিচাজাতীয় সামগ্ৰীবোৰ আন আন দেশলৈও প্ৰেৰণ কৰা হৈছিল ।

এই ক্ষেত্ৰত অভিযান চলাই আৰক্ষীয়ে জানিব পাৰিছে যে গোচৰটোৰ মুখ্য অভিযুক্ত পলাতক চেন্নাইৰ ৰহিমৰ আন দেশতো এক বৃহৎ নেটৱৰ্ক আছে (Drugs smuggler Rahim network in other country)। আৰক্ষীয়ে জনোৱা মতে গোচৰটো সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৰছুলুদ্দিন আৰু মহম্মদ কাছিমক জিম্মাত লোৱা হ'ব আৰু সোধাপোছা কৰা হ'ব । আৰক্ষীয়ে কোৱা মতে পলাতক ফৰিদ, ফৈজল আৰু ৰহিমক গ্ৰেপ্তাৰৰ উদ্দেশ্যে শীঘ্ৰেই বিশেষ দল চেন্নাই আৰু পুনেলৈ প্ৰেৰণ কৰা হ'ব ।

উল্লেখ্য যে বিমানবন্দৰত শুল্ক বিভাগৰ দ্বাৰা পেকিং সামগ্ৰীবোৰ স্কেন কৰা হয় । কিন্তু স্কেন কৰাৰ সময়ত সকলো ধৰণৰ ঔষধ ধৰা পৰে যদিও উক্ত এফেড্ৰিন ড্ৰাগছসমূহ স্কেনত ধৰা পৰা নাছিল । এনে পৰিস্থিতিত, আৰক্ষীয়ে ডিআৰআই বিষয়াসকলৰ সৈতে শেহতীয়াকৈ শামছাবাদ বিমানবন্দৰত এফেড্ৰিন ড্ৰাগছ স্কেন কৰিছিল আৰু ই ধৰা পৰা নাছিল ।

এতিয়ালৈকে, অভিযুক্ত কেইজনে হায়দৰাবাদ আৰু পুনেৰ মাজেৰে ১৫ বাৰ ১০০ কোটি টকাৰ এফেড্ৰিন ড্ৰাগছ সৰবৰাহ কৰিছে (Pseudoephedrine transportation through India)। শেহতীয়াকৈ, আৰক্ষীয়ে নাচাৰামৰ হায়দৰাবাদ বিমানবন্দৰৰ পৰা ৯ কোটি টকাৰ ৮.৫ কিলোগ্ৰাম এফেড্ৰিন ড্ৰাগছ জব্দ কৰে, যাক অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল । এই ঘটনা তদন্তৰ মাজতে আৰক্ষীয়ে তথ্য লাভ কৰিছে যে পুনে আৰু হায়দৰাবাদৰ মাজেৰেই বিদেশলৈ সৰবৰাহ হয় ।

লগতে পঢ়ক :Narco terror case in India: 11 টা গোচৰত NIA ই গ্ৰেপ্তাৰ কৰিছে 112 জনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.