নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল: কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভাৰতক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে । ইয়াৰ সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । বিশেষকৈ অক্সিজেনৰ নাটনিয়ে বিশ্বজুৰি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । ইতিমধ্যে ভাৰতৰ এনে অৱস্থা দেখি কেইবাখনো দেশ সহায়ৰ বাবে আগবাঢ়ি আহিছে ।
বৃটেইন চৰকাৰ আগবাঢ়ি আহিছে ভাৰতক সহায়ৰ বাবে । বৃটেইন চৰকাৰে অক্সিজেনকে ধৰি ক'ভিড সম্পৰ্কীয় বিভিন্ন স্বাস্থ্যসেৱাৰ সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতলৈ । তাৰ অংশস্বৰূপে মঙলবাৰে পুৱা বৃটেইনৰ পৰা অহা বিশেষ বিমান দিল্লীত উপস্থিত হয় ।
য'ত আছে ১০০ টা ভেণ্টিলেটৰ আৰু ৯৫ টা অক্সিজেন ক'নচেনট্ৰেতৰকে ধৰি বিভিন্ন সামগ্ৰী । ইফালে অনাগত দিনটো ব্ৰিটেইন চৰকাৰে ভাৰতক সহায়ৰ বাবে ভাৰত চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: ৰাজহুৱা পৰিবহণৰ ভাড়া বদ্ধিৰ অনুমোদন ত্ৰিপুৰা চৰকাৰৰ