নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ : 2021-22 বৰ্ষৰ স্নাতকোত্তৰ নামভৰ্তি(PG Admission)ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে দিল্লী বিশ্ববিদ্যালয়(Delhi University)ত ৷ স্নাতকোত্তৰ পাঠ্যক্ৰমত প্ৰৱেশিকা পৰীক্ষা(Entrance Test) আৰু যোগ্যতা-আধাৰিত নামভৰ্তি(Merit-Based Admission)ৰ সময়সূচী ইতিমধ্যে প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷
আগন্তুক 17 নৱেম্বৰত প্ৰকাশ পাব নামভৰ্তিৰ বাবে প্ৰথমখন যোগ্যতাৰ তালিকা(Merit List) ৷ যোগ্যতা-আধাৰিত নামভৰ্তিৰ বাবে জাৰি কৰা প্ৰথম তালিকা অনুসৰি, 18 নৱেম্বৰৰ পুৱা 10 বজাৰ পৰা 22 নৱেম্বৰৰ সন্ধিয়া 5 বজালৈ নামভৰ্তিৰ অনুমোদন দিব পাৰিব বিভাগ তথা বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহে ।
আনহাতে, 23 নৱেম্বৰৰ নিশা 1 বজালৈকে মাচুল জমা দিয়াৰ সুযোগ লাভ কৰিব শিক্ষাৰ্থী সকলে ৷ 26 নৱেম্বৰত প্ৰকাশ পাব দ্বিতীয় যোগ্যতা-আধাৰিত তালিকাখন ৷ ইয়াৰ অধীনত মহাবিদ্যালয়/বিভাগসমূহে 27 নৱেম্বৰৰ পুৱা 10 বজাৰ পৰা 30 নৱেম্বৰৰ সন্ধিয়া 5 বজালৈ নামভৰ্তিৰ বাবে অনুমোদন দিব পাৰিব ।
শিক্ষাৰ্থীসকলে 1 ডিচেম্বৰৰ নিশা 1 বজালৈকে মাচুল জমা দিব পাৰিব । তৃতীয় তালিকাখন 3 ডিচেম্বৰত প্ৰকাশ কৰা হ’ব । 4 ডিচেম্বৰৰ পৰা সন্ধিয়া 5 বজাৰ পৰা 6 ডিচেম্বৰলৈ নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে ৷ তেওঁলোকে মহাবিদ্যালয়ৰ দ্বাৰা অনুমোদন লাভ কৰিব । লগতে, শিক্ষাৰ্থীসকলে 7 ডিচেম্বৰৰ নিশা 1 বজালৈকে মাচুল জমা দিব পাৰিব ।
2021-22 শিক্ষাবৰ্ষত নামভৰ্তি কৰা স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰথম ষান্মাসিক(First Semester)ৰ পাঠদান 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ৷ বিশ্ববিদ্যালয়ৰ একাডেমীক কেলেণ্ডাৰখন শেহতীয়াকৈ জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷
লগতে পঢ়ক : লখিমপুৰ খেৰীৰ ঘটনা:১৫ নৱেম্বৰলৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ