ETV Bharat / bharat

Violence in Bihar: বিহাৰত ভয়ংকৰ সংঘাত; নালন্দাত আহত তিনিজন; চাচাৰামতো এজন আহত - Violence in Bihar

বিহাৰৰ নালন্দাত সংঘৰ্ষ । দুটা পক্ষৰ মাজত সংঘটিত শিলগুটি নিক্ষেপ আৰু গুলীচালনাৰ ঘটনাত তিনিজন আহত (Firing in violence case in Nalanda) ৷

Violence in Bihar:
বিহাৰত ভয়ংকৰ সংঘাত; নালন্দাত আহত তিনিজন; চাচাৰামতো এজন আহত
author img

By

Published : Apr 1, 2023, 10:53 PM IST

নিউজ ডেস্ক, 1 এপ্ৰিল: আকৌ এবাৰ হিংসাৰ জুই জ্বলি উঠিছে বিহাৰৰ নালন্দাত । জিলাখনৰ বিহাৰ থানাৰ অন্তৰ্গত দুটা ভিন্ন স্থানত এই সংঘাতৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা হৈছে । তথ্য অনুসৰি পাহাৰপুৰা অঞ্চলত সংঘটিত হৈছে গুলীচালনা । এই গুলীচালনাত এজন যুৱক আৰু এজন বৃদ্ধকে ধৰি দুজন লোক আহত হৈছে । ইয়াৰ উপৰিও বনৌলীয়াত শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হৈছে, য’ত এজন আৰক্ষী জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে (Firing in violence case in Nalanda)।

আৰক্ষী বাহিনী নিয়োগ: পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । অশুভ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে অহৰহ চেষ্টা চলাই আছে । মাইকৰ জৰিয়তে শান্তি বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে । আৰক্ষীয়ে অবিৰতভাৱে তহল দি আছে অঞ্চলটোত । ঘটনা স্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লৈছে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে (Nalada Violence news) ৷

সদৰ চিকিৎসালয়ত চলিছে আহতৰ চিকিৎসা: গুলীত আহত লোককেইজন গুলচন কুমাৰ আৰু মহম্মদ তাজ বুলি চিনাক্ত কৰা হৈছে ৷ এজন আহতৰ ভাতৃয়ে জনোৱা মতে, লোকজন নিজৰ ঘৰলৈ গৈ থকাৰ সময়তে গুলীচালনা আৰম্ভ হয় । দুয়োজন আহত লোকক বিহাৰ শ্বৰীফ সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Bihar Violence updates) ।

অৱসৰপ্ৰাপ্ত অধ্যাপক আহত: ইয়াৰ উপৰিও সোহচৰাই থানাৰ খাছগঞ্জ অঞ্চলত দুটা গোটৰ মাজত সংঘাত আৰু গুলীচালনাৰ ঘটনা সংঘটিত হয় । সমগ্ৰ অঞ্চলটোত এতিয়াও আতংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে । খাছগঞ্জৰ স্থানীয় অঞ্চলটোত দুটা গোটৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত এজন অৱসৰপ্ৰাপ্ত অধ্যাপক আঘাতপ্ৰাপ্ত হৈছে ৷ তেওঁ ততালিকে চিকিৎলায়ত ভৰ্তি কৰোৱা হয় (Violence in Bihar) ৷

চাচাৰামত বোমা বিস্ফোৰণ: ইফালে চাচাৰামতো পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । বোমা বিস্ফোৰণৰ ফলত 5 জন লোক আহত হৈছে । আহতসকলক সদৰ চিকিৎসালয়লৈ অনা হৈছে । তথ্য অনুসৰি অঞ্চলটোত শিলগুটি নিক্ষেপ আৰু বোমা নিক্ষেপৰ দৰে হিংসাত্মক ঘটনা চলি আছে । ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী । পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে (Sasaram Violence incident) ।

4 এপ্ৰিললৈ ছাছাৰামত বিদ্যালয় বন্ধ: শান্তি বজাই ৰখাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে । চাচাৰাম নগৰৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বিয়লি 4 বজাৰ ভিতৰত বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । ইয়াৰ লগতে সকলো বিদ্যালয় অহা 4 এপ্ৰিললৈকে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে । ইয়াৰ বাবে জিলা শিক্ষা বিষয়াই এখন জাননী জাৰি কৰিছে ।

এই সংঘাতৰ কাৰণ: বৃহস্পতিবাৰে ৰাম নৱমীৰ পিচত শুকুৰবাৰে নালন্দা আৰু ছাছাৰামত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । এই সময়ত দুয়ো পক্ষৰ পৰা শিলগুটি নিক্ষেপ কৰা হৈছিল । কেইবা ডজন বাহনত জুই লগাই দিয়ে দুৰ্বৃত্তই । ইয়াৰ ফলত বহু লোক আহত হয় । ঘটনাৰ 24 ঘন্টাৰ পাচতো পৰিস্থিতি শান্ত হোৱা নাই । দুয়োখন জিলাতে অবিৰতভাৱে তহল দি আছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Militancy in NE: পূৰ্বোত্তৰৰ উগ্ৰপন্থী সংগঠনক মূলসুঁতিলৈ অহাৰ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.