ETV Bharat / bharat

দিল্লীৰ ৰোহিণী আদালত চৌহদত তিনিজনক গুলীয়াই হত্যা: দিল্লী আৰক্ষী - চিকিৎসালয়

উত্তৰ-পশ্চিম দিল্লীৰ ৰোহিণী আদালত চৌহদত গুলীয়াগুলি ৷ গুলীয়াগুলিত নিহত হৈছে তিনিজনকৈ লোক । আহত গেংষ্টাৰ জীতেন্দ্ৰ মন 'গোগী'ক চিকিৎসালয়লৈ প্ৰেৰণ ৷

দিল্লীৰ ৰোহিণী আদালত চৌহদত তিনিজনক গুলীয়াই হত্যা: দিল্লী আৰক্ষী

author img

By

Published : Sep 24, 2021, 2:42 PM IST

Updated : Sep 24, 2021, 2:54 PM IST

নতুন দিল্লী,24 ছেপ্টেম্বৰ: উত্তৰ-পশ্চিম দিল্লীৰ ৰোহিণী আদালত চৌহদত গুলীয়াগুলিৰ ঘটনা৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, গুলীয়াগুলিত নিহত হৈছে তিনিজন লোক ।

আদালত চৌহদত উকীলৰ পোছাকত থকা আক্ৰমণকাৰীৰ এটা দলে গেংষ্টাৰ জীতেন্দ্ৰ মন 'গোগী'ৰ ওপৰত গুলীচালনা কৰে, যিসময়ত তেওঁক আৰক্ষীয়ে শুনানিৰ বাবে দিল্লীৰ ৰোহিণী আদালতত হাজিৰ কৰাৰ বাবে লৈ গৈছিল ।

দিল্লীৰ ৰোহিণী আদালত চৌহদত তিনিজনক গুলীয়াই হত্যা: দিল্লী আৰক্ষী

ইফালে এই আকস্মিক আক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে আৰক্ষীয়ে কৰা প্ৰতি আক্ৰমণত নিহত হৈছে তিনিজনকৈ আক্ৰমণকাৰী । আদালত চৌহদত সংঘটিত এই গুলীয়াগুলিৰ ঘটনাৰ পিছতেই আদালতৰ ন্যয়াধীশ গৰাকী উচ্চ ৰক্তচাপ(HIGH BLOOD PRESSURE) ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ সবিশেষ পোৱা নাই যদিও ইতিমধ্যে গুলিবিদ্ধ গোগীক স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ এই তথ্য সদৰি কৰিছে ৰোহিণীৰ ডিচিপি গৰাকীয়ে ।

লগতে পঢ়ক: ভাৰতত বিনিয়োগৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ কৰ্পোৰেট গোষ্ঠীৰ

Last Updated : Sep 24, 2021, 2:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.