নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল : হায়দৰাবাদত চাঞ্চল্যকৰ ডকাইতি কাণ্ড । বেংক কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ লগতে ধন লৈ পলায়ন কৰে অচিনাক্ত দুৰ্বৃত্তই । কুকটপল্লী পেতেলকুন্তা উদ্যানৰ ওচৰত সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাত এজন লোকৰ মৃ্ত্যু হয় ।
জানিব পৰা মতে অচিনাক্ত দুৰ্বৃত্তই এইচডিএফচি বেংকৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি এটা এটিএমৰ ওচৰত গুলীবৰ্ষণ কৰে । এই ঘটনাত আলী বাগে আৰু চৌধুৰী শ্ৰীনিবাস নামৰ দুজন ব্যক্তি আহত হয় ।
দুয়োকে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰ ভাৱে আহত আলী বাগেৰ হাস্পতালত মৃত্যু হয় । ঘটনাৰ পিছতে সেই স্থানত উপস্থিত চাইবেৰাবাদৰ আৰক্ষী আয়ুক্ত । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে সেই স্থানৰ পৰা দুটা গুলী আৰু খালী কাৰ্টিজ উদ্ধাৰ কৰিছে ।
লগতে পঢ়ক:পঞ্জাৱত ভয়ংকৰ অগ্নিকাণ্ড: জ্বলি ছাৰখাৰ ১০০ খন বাহন