ETV Bharat / bharat

Threat to Meitei community: মিজোৰ কল্যাণৰ বাবে মেইটেয়ে ত্যাগ কৰক মিজোৰাম; পামৰাৰ নিৰ্দেশ

author img

By

Published : Jul 23, 2023, 2:56 PM IST

মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিচত এতিয়া মিজোৰামত ভাবুকিৰ সন্মুখীন হৈছে ৰাজ্যখনত বাস কৰা মেইটেই সম্প্ৰদায়ৰ লোকসকল । ইয়াৰ পৰিপ্ৰেক্ষিতত মিজোৰামৰ গৃহ আয়ুক্ত পুহ লালেংমাৱিয়াই এমএনএফ ৰিটাৰ্ণীজ এছ’চিয়েচন (পামৰা) আৰু অন্যান্য সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয় । সম্পূৰ্ণ খবৰ পঢ়ক...

Threat to Meitei community
Ethnic Violence In Manipur

নিউজ ডেস্ক, 23 জুলাই: বিগত প্ৰায় তিনিমাহ ধৰি হিংসাৰ জুইৰ শিখাই দহি আছে মণিপুৰক ৷ প্ৰকৃতিৰ ৰম্যভূমি স্বৰূপ সেইজীয়া মণিপুৰ এতিয়া ধোঁৱা আৰু ছাঁইৰে ধূসৰিত হৈ পৰিছে ৷ দুটা জনগোষ্ঠীৰ মাজত সূত্ৰপাত ঘটা সংঘৰ্ষই মণিপুৰক বৰ্তমানলৈকে অশান্ত কৰি ৰাখিছে ৷ সেনা বাহিনী, চৰকাৰ সকলো একপ্ৰকাৰ ব্যৰ্থ হৈছে চিত্ৰাংগদাৰ ৰাজ্যত শান্তি প্ৰতিষ্ঠা কৰাত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মণিপুৰ হিংসাৰ বিষয়ত সম্পূৰ্ণৰূপে মৌনতা অৱলম্বন কৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত মণিপুৰৰ গোষ্ঠীসংঘাতৰ জুই চুবুৰীয়া ৰাজ্যলৈ বিয়পাৰ উপক্ৰম হৈছে ৷

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, মিজোৰামত ভাবুকিৰ সন্মুখীন হৈছে ৰাজ্যখনত বাস কৰা মেইটেই সম্প্ৰদায়ৰ লোকসকল ৷ মিজোৰামৰ এটা প্ৰাক্তন বিদ্ৰোহী গোটৰ তৰফৰ পৰা মেইটেইসকলক মিজোৰাম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰা বুলি তথ্য পোৱা গৈছে ৷ কিন্তু এই ঘোষণাৰ কিছুসময়ৰ পিচতে ৰাজধানী আইজলত মেইটেই জনগোষ্ঠীৰ বাবে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ৷ সংবাদ মাধ্যমৰ তথ্য অনুসৰি শুকুৰবাৰে শান্তিচুক্তি স্বাক্ষৰকাৰী সংগঠন এম এন এফ ৰিটাৰ্ণীজ এছ’চিয়েশ্যনে (পামৰা) এক বিবৃতিৰ পিচত এই উত্তেজনা বৃদ্ধি পাইছে ।

  • Home Commissioner Pu H. Lalengmawia chuan a office chamber-ah Peace Accord, MNF Returnees (PAMRA) leh Mizo Students’ Union hruaitute chu tunhnaia an thuchhuah siam chungchang sawipuiin vawiin khan a thutkhawmpui. pic.twitter.com/NVNeSbtLwr

    — DD News Mizoram (@DDNewsMizoram) July 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পৰিপ্ৰেক্ষিতত মিজোৰামৰ গৃহ আয়ুক্ত পুহ লালেংমাৱিয়াই শনিবাৰে পামৰা আৰু মিজো ছাত্ৰ সংগঠনৰ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয় । তেওঁ এই সংগঠনসমূহে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিসমূহৰ বিষয়ে আলোচনা কৰে । বৈঠকত গৃহ বিভাগ আৰু মিজোৰাম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Turbulent Manipur: দুৰ্বৃত্তই জীৱন্তে জ্বলালে মুক্তিযুদ্ধাৰ ৮০ বছৰীয়া পত্নীক

সভাত সভাপতিত্ব কৰে গৃহ বিভাগৰ উপায়ুক্ত আৰু সম্পাদকে । সভাত পামৰাৰ সদস্যসকলৰ মতামত গ্ৰহণ কৰা হয় । পামৰাৰ নেতাসকলে কয় যে, মিজোৰামৰ পৰা মেইটেই জনগোষ্ঠীক ঘূৰাই পঠোৱাৰ অনুৰোধ তেওঁলোকৰ সুৰক্ষাৰ বাবে কৰা হৈছে । এয়া মিজো জনগোষ্ঠীৰ মংগলৰ বাবে কৰা আহ্বান ।

ইয়াৰ মাজতে গৃহ আয়ুক্তই বৰ্তমানৰ নেতাসকলক মিজোৰামত শান্তিপূৰ্ণভাৱে মেইটেই জনগোষ্ঠীক জীয়াই থাকিবলৈ অনুমতি দিবলৈ আৰু উৰাবাতৰিৰ প্ৰচাৰ নকৰিবলৈ আহ্বান জনায় । ইয়াৰ পূৰ্বে আইজলস্থিত পামৰাই জাৰি কৰা এক বিবৃতিত মণিপুৰত জনগোষ্ঠীয় সংঘাতৰ সময়ত দুগৰাকী মহিলাৰ উলংগ পেৰেডৰ ঘটনাই মিজোৰামৰ যুৱক-যুৱতীসকলৰ মাজত মেইটেই জনগোষ্ঠীৰ প্ৰতি ক্ষোভৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে । সেইবাবেই তেওঁলোকে নিজৰ সুৰক্ষাৰ কথা মনত ৰাখি মিজোৰাম এৰি যাব লাগে বুলি নিৰ্দেশ প্ৰদান কৰা হৈছে ।

পামৰাই নিজৰ বিবৃতিত কয় যে, মণিপুৰৰ কুকি জো সম্প্ৰদায়ৰ ওপৰত হোৱা হিংসাই ইয়াৰ যুৱক-যুৱতীসকলৰ আৱেগক গভীৰভাৱে আঘাত কৰিছে । যদি মিজোৰামত মেইটেই সম্প্ৰদায়ৰ মানুহৰ ওপৰত কোনো ধৰণৰ হিংসা হয়, তেন্তে তাৰ বাবে তেওঁলোক নিজেই দায়ী হ’ব ।

বিবৃতিটোত কোৱা হৈছে যে, মিজোৰামৰ পৰিস্থিতি উত্তেজিত হৈ পৰিছে । মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ বাবে মিজোৰামত বসবাস কৰাটো এতিয়া নিৰাপদ নহয় । মিজোৰামৰ সকলো মেইটেইক সুৰক্ষাৰ ব্যৱস্থা হিচাবে নিজৰ গৃহ ৰাজ্যলৈ উভতি যাবলৈ পামৰাৰ আহ্বান । এই ভাবুকি চৰ্চালৈ অহাৰ পিচত মিজোৰাম চৰকাৰৰ সূত্ৰই জনাইছে যে ইতিমধ্যে মেইটেই জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । খবৰ অনুসৰি, মুখ্যমন্ত্রী জোৰামথাংগাই ইতিমধ্যে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিঙৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছে ৷

অধিক পঢ়ক: Manipur sexual assault videos: ভ্ৰমণ পিছুৱাই দিয়ক; স্বাতী মালিৱাললৈ এন বীৰেণ সিং চৰকাৰৰ চিঠি

তেওঁ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক মিজোৰামৰ মেইটেই সম্প্ৰদায়ৰ জনসাধাৰণৰ সুৰক্ষাৰ আশ্বাস দিছে । একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মণিপুৰ চৰকাৰে আইজল-ইম্ফল আৰু আইজল-শিলচৰৰ মাজত চলি থকা বিশেষ এ টি আৰ বিমানৰ জৰিয়তে আইজলত বসবাস কৰা মেইটেইসকলক উদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছে । সম্প্ৰতি মণিপুৰ বা মিজোৰাম চৰকাৰৰ পৰা এই সন্দৰ্ভত কোনো নিশ্চয়তা দিয়া হোৱা নাই । সূত্ৰই জনোৱা মতে, এই পদক্ষেপৰ পিচত মণিপুৰ চৰকাৰে পুনৰ মিজোৰাম আৰু কেন্দ্ৰৰ সৈতে আলোচনাত মিলিত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.