নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ : দেশজুৰি দীপাৱলীৰ ব্যাপক উছাহ ৷ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে হাৰিয়ানাৰ শণিপতত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ হাৰিয়ানাৰ শণিপতৰ 44 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত এপেক্স গ্ৰীণ ছ'চাইটিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷ অট্টালিকাটোৰ চি ব্লকৰ সপ্তম মহলাত থকা এটা ফ্লেটত অগ্নিসংযোগ হোৱাৰ ফলত অট্টালিকাটোৰ কেইবাটাও ফ্লেটত নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে ৷
জুই দেখি লগে লগে ফ্লেটটোত হুৱা দুৱাৰ সৃষ্টি হয় ৷ ঘটনাৰ খবৰ পাই শনিপত আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হয়। অগ্নি নিৰ্বাপক বাহনে জুই নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক প্ৰচেষ্টা আৰম্ভ কৰিছিল। ইয়াৰ সমান্তৰালকে অগ্নি নিৰ্বাপক বাহিনীৰ অন্য এটা দলে ফ্লেটত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে ৷
এই খবৰৰ পিচতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু স্থানীয় নেতা ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহায় কৰে ৷ শনিপতৰ মেয়ৰ নিখিল মদনে সহকৰ্মীসকলৰ সৈতে জুইত আৱদ্ধ এটা পৰিয়ালক উদ্ধাৰ কৰে ৷ ইতিমধ্যে আঘাতপ্ৰাপ্ত সকলোকে চিকিৎসাৰ বাবে নিকটৱৰ্তী কেইবাখনো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, 44 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত এপেক্স গ্ৰীণ ছ'চাইটিৰ চি ব্লকৰ সপ্তম মহলাত থকা এটা ফ্লেটত অজ্ঞাত কাৰণত এই অগ্নিকাণ্ড সংঘটিত হয়। মুহূৰ্তৰ ভিতৰতে জুইৰ শিখাই কেইবাটাও ফ্লেট আৱৰি ধৰে । অগ্নিকাণ্ডৰ ফলত কেইবাটাও পৰিয়াল অট্টালিকাটোৰ ভিতৰত আৱদ্ধ হৈ পৰে ৷ অগ্নি নিৰ্বাপক বাহিনীৰ দলে এগৰাকী গৰ্ভৱতী মহিলা, তেওঁৰ কন্যা আৰু তেওঁৰ স্বামীক সপ্তম মহলাৰ পৰা বিপজ্জনক অৱস্থাত উদ্ধাৰ কৰে ৷
ইফালে শনিপত অগ্নি নিৰ্বাপক কৰ্মচাৰীসকলে জনায় যে, তেওঁলোকৰ ওচৰত কোনো আধুনিক সঁজুলি নাই, যাৰ বাবে উদ্ধাৰ অভিযানত তেওঁলোকে বাধাৰ সন্মুখীন হৈছে। ইফালে, মেয়ৰ নিখিল মদনে কোৱা অনুসৰি সকলো লোককে উদ্ধাৰ কৰা হৈছে।
শনিপতৰ আয়ুক্ত ড৹ মনোজ কুমাৰে কয় যে, জুইত কোনো লোক মৃত্যুবৰণ কৰা নাই। প্ৰতিটো মহলা পৰীক্ষা কৰা হ'ব। অনুসন্ধানৰ পিচতহে অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ জানিব পাৰিব ৷ এই অগ্নিকাণ্ডৰ ফলত বুজন পৰিমাণৰ ক্ষতি হৈছে ৷
লগতে পঢ়ক: Sikh Killed in Canada: দুৰ্বৃত্তৰ গুলীত কানাডাত নিহত ভাৰতীয় মূলৰ দুজন