ETV Bharat / bharat

উন্নাও কাণ্ড : বৰ্খা দত্ত পৰিচালিত  টুইটাৰ একাউন্টৰ বিৰুদ্ধে গোচৰ

৮টা টুইটাৰ একাউণ্ট আৰু ইয়াৰ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে গোচৰ উত্তৰ প্ৰদেশ চৰকাৰৰ । ৰাজ্যখনৰ ববুৰ্হা গাঁৱত দুগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত 'বিভ্ৰান্তিকৰ তথ্য' বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰা হৈছে । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ উদ্দেশ্যেৰে উৰাবাতৰি প্ৰচাৰ কৰা অভিযোগ উত্থাপিত হৈছে টুইটাৰ একাউণ্ট ব্যৱহাৰকাৰীৰ বিৰুদ্ধে ।

উন্নাও ঘটনাঃ টুইটাৰ একাউণ্ট ব্যৱহাৰকাৰীৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Feb 22, 2021, 1:17 PM IST

নেশ্যনেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশত সামাজিক মাধ্যমৰ জৰিয়তে অপপ্ৰচাৰ চলোৱা লোকসকলক নাকী লগাবলৈ তৎপৰ হৈছে যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰ । দেওবাৰে উন্নাও আৰক্ষীয়ে উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিলে ৮টা টুইটাৰ একাউণ্ট আৰু ইয়াৰ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে । এই গোচৰৰ সৈতে নাম সাঙোৰ খাইছে জ্যেষ্ঠ সাংবাদিক বৰ্খা দত্তৰ ।

উত্তৰ প্ৰদেশৰ ববুৰ্হা গাঁৱত দুগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ 'বিভ্ৰান্তিকৰ তথ্য' বিয়পোৱাৰ অভিযোগত বৰ্খা দত্তৰ দ্বাৰা পৰিচালিত @themojostory, নৱাব সতপাল তানৱাৰৰ @BhimSenaChief, @NilimDutta, @janjagranlive, আজাদ সমাজ পাৰ্টীৰ মুখপাত্ৰৰ দ্বাৰা পৰিচালিত @SurajKrBaudh, @vijayambedkarUP, Abhaykumarazad97 আৰু @Rahuldiwkr ৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । টুইটযোগে উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত শনিবাৰে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা উদিত ৰাজক আটক কৰিছিল উন্নাও আৰক্ষীয়ে ।

আৰক্ষীৰ মতে, অভিযোগ উত্থাপিত হোৱা টুইটাৰ একাউণ্টৰ ব্যৱহাৰকাৰীসকলে ববুৰ্হা গাঁৱৰ খেতিপথাৰত মৃতদেহ উদ্ধাৰ হোৱা কিশোৰী দুগৰাকী ধৰ্ষণৰ বলি হোৱা আৰু তেওঁলোকৰ শেষকৃত্য পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা হৈছে বুলি টুইটযোগে 'বিভ্ৰান্তিকৰ তথ্য' প্ৰচাৰ কৰিছিল । তথ্য প্ৰযুক্তি আইনৰ অধীনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অশান্ত পৰিস্থিতি সৃষ্টি কৰাৰ উদ্দেশ্যেৰে উৰাবাতৰি প্ৰচাৰ কৰা অভিযোগ উত্থাপিত হৈছে টুইটাৰ একাউণ্ট ব্যৱহাৰকাৰীৰ বিৰুদ্ধে । উন্নাওৰ আৰক্ষী অধীক্ষক, আনন্দ কুলকৰ্ণীয়ে কয় যে, বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰা আৰু শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । আনন্দ কুলকৰ্ণীৰ মতে, ইচ্ছাকৃতভাৱে শাসকীয় দলৰ চৰকাৰক বদনাম কৰিবলৈ আৰু আইন-শৃংখলা পৰিস্থিতি অশান্ত কৰাৰ উদ্দেশ্যেৰে দল আৰু বিভিন্ন গোটৰ সৈতে জড়িত একাংশ লোকে 'বিভ্ৰান্তিকৰ তথ্য' বিয়পাইছিল । লগতে তেওঁ দাবী কৰে যে, ধৰ্ষণ কাণ্ড সংঘটিত নোহোৱাৰ তথ্য ইতিমধ্যে কিশোৰী দুগৰাকীৰ মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে ।

লগতে আৰক্ষী-প্ৰশাসনে কিশোৰী দুগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰ চেষ্টা কৰা নাছিল বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰি দিয়ে । চুৰাটৰ পৰা আত্মীয় অহাৰ পিছতহে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব বুলি পৰিয়ালে আৰক্ষীক জনাইছিল । আনহাতে, আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ প্ৰতি সঁহাৰি জনাই আদালতত সাংবাদিকৰ স্বাধীনতাৰ অধিকাৰৰ হকে যুঁজ দিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে @themojostoryৰ ব্যৱহাৰকাৰীয়ে ।

লগতে পঢ়ক:পিনাৰায়ী বিজয়নে সন্ত্ৰাসবাদীক কেবিনেটত স্থান দিছে : কে. সুৰেন্দ্ৰন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.