ETV Bharat / bharat

স্বামীক ফোনত নাপাই পালেহি স্বামীৰ কোঠা, প্ৰেয়সীৰ সৈতে ধৰা পেলালে স্বামীক - husband cheating wife

আৰক্ষী স্বামী-স্ত্ৰী, বিবাহ বহিৰ্ভূত প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ প্ৰেমিকাৰ সৈতে স্বামীক হাতে লোটে ধৰিলে পত্নীয়ে ৷ পত্নীয়ে স্বামীৰ বিৰুদ্ধে আক্ৰমণ আৰু উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছে ৷

female constable caught constable husband
স্বামীক ফোনত নাপাই পালেহি স্বামীৰ কোঠা, প্ৰেয়সীৰ সৈতে ধৰা পেলালে স্বামীক
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 11:19 AM IST

স্বামীক ফোনত নাপাই পালেহি স্বামীৰ কোঠা, প্ৰেয়সীৰ সৈতে ধৰা পেলালে স্বামীক

নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ লক্ষ্নৌত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ৷ প্ৰেমিকাৰ সৈতে কোঠাত অন্তৰংগ মুহূৰ্ত পাৰ কৰি থকাৰ সময়তে পত্নীয়ে হাতে লোটে ধৰা পেলালে স্বামীক ৷ ইয়াৰোপৰি পত্নীয়ে স্বামীৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, স্বামী-স্ত্ৰী পেছাত আৰক্ষী কনিষ্টবল ৷ স্বামী সৰোজিনী নগৰ আৰক্ষী চকীৰ এগৰাকী কনিষ্টবল, পত্নী মৈনপুৰী আৰক্ষী লাইনৰ এগৰাকী কনিষ্টবল ৷ শুকুৰবাৰে নিশা শ্যামবীৰ সিং নামৰ কনিষ্টবলজনে প্ৰেমিকাৰ সৈতে কোঠাত অন্তৰংগ মুহূৰ্তৰ উদযাপন কৰি থকাৰ সময়তে কনিষ্টবল পত্নীয়ে হাতে লোটে ধৰা পেলায় ৷ মহিলা কনিষ্টবলগৰাকীয়ে কনিষ্টবল স্বামীৰ বিৰুদ্ধে গালি-গালাজ, আক্ৰমণ আৰু হত্যাৰ ভাবুকি দিয়াৰো গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে, পৰৱৰ্তী ঘটনা সন্দৰ্ভত তদন্ত চলি আছে ৷

মৈনপুৰী আৰক্ষী লাইনত নিয়োজিত মহিলা কনিষ্টবলগৰাকীৰ অনুসৰি, তেওঁৰ স্বামী শ্যামবীৰ সিঙক সৰোজিনীনগৰ আৰক্ষী থানাত কনিষ্টবল হিচাপে নিযুক্তি দিয়া হৈছে ৷ দুয়ো কৰ্মসূত্ৰে বেলেগ বেলেগকৈ বাস কৰে ৷ তেওঁৰ স্বামী সৰোজিনী নগৰৰ স্কুটাৰ ইণ্ডিয়া পেট্ৰ'ল পাম্পৰ বিপৰীতে থকা কলনীত বাস কৰে ৷

যোৱা 13 নৱেম্বৰত মহিলাগৰাকীয়ে তেওঁৰ স্বামীক ফোন কৰি আছিল, কিন্তু স্বামীয়ে ফোন ৰিচিভ নকৰাত তেওঁৰ পত্নীয়ে কোঠালৈ আহে ৷ কিন্তু পত্নীয়ে আহি স্বামীক প্ৰেমিকাৰ সৈতে কোঠাত দেখি হতভম্ব হৈ পৰে ৷ তাৰ পিচতে, স্বামীৰ সৈতে পত্নীয়ে দুৰ্বাদল কাজিয়াত লিপ্ত হয় ৷ পত্নীক স্বামীয়ে তেওঁৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ ভাবুকি দিছিল, অন্যথা তেওঁক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল ৷

এই ঘটনাৰ পিচত মহিলাগৰাকীয়ে শ্যামবীৰৰ পৰিয়ালক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ স্বামীৰ পৰিয়ালে শ্যামবীৰক প্ৰহাৰো কৰিছিল ৷ লগে লগে স্বামীৰ পৰিয়ালৰ লোকে সৰোজিনী আৰক্ষী থানাত গোচৰ দিয়ে ৷ ভুক্তভোগীগৰাকীয়ে কোৱা অনুসৰি, স্বামী শ্যামবীৰে তেওঁক বিবাহ বিচ্ছেদ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল ৷

সৰোজিনী নগৰৰ পৰিদৰ্শক শৈলেন্দ্ৰ গিৰিয়ে কোৱা অনুসৰি, এগৰাকী মহিলা কনিষ্টবলে এক প্ৰতিবেদন দাখিল কৰিছিল ৷ এই বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষক জনোৱা হৈছিল ৷

লগতে পঢ়ক : উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.