ETV Bharat / bharat

2024 পৰ্যন্ত দেশত চলিব কৃষকৰ প্ৰতিবাদ : ৰাকেশ টিকেইত

author img

By

Published : Jan 17, 2021, 9:40 PM IST

"আমি 2024 ৰ মে’ মাহলৈ প্ৰতিবাদত বহাৰ বাবে প্ৰস্তুত ৷ আমাৰ দাবী এইটোৱেই যে, কেন্দ্ৰীয় চৰকাৰে এই তিনিওখন আইন উঠাই লৈ নিম্নতম সমৰ্থন মূল্যৰ ক্ষেত্ৰত আইনী আশ্বাস প্ৰদান কৰিব লাগিব ৷"- ৰাকেশ টিকেইত

Farmers prepared to protest till May 2024: BKU leader Tikait
2024 পৰ্যন্ত দেশত চলিব কৃষকৰ প্ৰতিবাদ:ৰাকেশ টিকেইত

নেশ্যনেল ডেস্ক,17 জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ 2024 পৰ্যন্ত চলিব ৷ দেওবাৰে এই মন্তব্য কৰে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকেইতে ৷ ইয়াৰ উপৰিও দিল্লী সীমান্তত চলি থকা এই প্ৰতিবাদক ‘আদৰ্শ বিপ্লৱ’ বুলিও অভিহিত কৰে কৃষক নেতাগৰাকীয়ে ৷ দেওবাৰে নাগপুৰত অনুষ্ঠিত এক সংবাদমেলত নিম্নতম সমৰ্থন মূল্যৰ ক্ষেত্ৰত তেওঁলোকক আইনী আশ্বাস প্ৰদান কৰিব লাগিব মন্তব্য কৰে টিকেইতে ৷

কৃষকসকলৰ এই প্ৰতিবাদ কেতিয়ালৈকে অব্যাহত থাকিব বুলি সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত টিকেইতে কয়, "আমি 2024ৰ মে’ মাহলৈ ইয়াত বহাৰ বাবে প্ৰস্তুত ৷ আমাৰ দাবী এইটোৱেই যে, কেন্দ্ৰীয় চৰকাৰে এই তিনিওখন আইন উঠাই লৈ নিম্নতম সমৰ্থন মূল্যৰ ক্ষেত্ৰত আইনী আশ্বাস প্ৰদান কৰিব লাগিব ৷" উল্লেখ্য যে, 2024 চনৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’ব দেশৰ লোকসভা নিৰ্বাচন ৷

আনহাতে, তিনিওখন কৃষি আইনত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ সিদ্ধান্তক কৃষক নেতা গৰাকীয়ে সমৰ্থন জনায় যদিও তেওঁ কয়, এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিখনত কৃষি আইনক সমৰ্থন কৰা লোক অন্তৰ্ভুক্ত হৈ আছে ৷ "আমি উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিখনৰ আগত যাবলৈ নিবিচাৰো ৷ আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও কৃষকসকলৰ সৈতে মিলিত হৈ এই সমস্যাৰ এটি সমাধান উলিয়াব বুলি আশ্বাস প্ৰদান কৰিছে ৷" বুলি কয় ৰাকেশ টিকেইতে ৷

দেশৰ বিৰোধী দলসমূহ দুৰ্বল হোৱা বাবেহে কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এনেদৰে ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হোৱা বুলিও সংবাদমেলত মন্তব্য কৰে কৃষক নেতা ৰাকেশ টিকেইতে ৷

লগতে পঢ়ক-টীকাকৰণ অভিযানকলৈ মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা মোডীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.