ETV Bharat / bharat

Surajkund Mela 2023: হাৰিয়ানাৰ মেলাত মেঘালয়ৰ শিল্প-কলাৰ সমাদৰ

হাৰিয়ানাত আয়োজিত সূৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় মেলাত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে মেঘালয়ৰ শিল্পীয়ে । হস্তশিল্পৰ লগত জড়িত একাংশ লোকে মেলাত স্থাপন কৰিছে বিপণী (Meghalaya stall at Surajkund Mela)। সেই বিপণীলৈ ব্যাপক সঁহাৰি জনাইছে দেশ-বিদেশৰ পৰ্যটকসকলে ।

author img

By

Published : Feb 13, 2023, 2:19 PM IST

Surajkund Mela 2023
হাৰিয়ানাৰ মেলাত মেঘালয়ৰ শিল্প-কলাৰ সমাদৰ

নেশ্যনেল ডেস্ক,১৩ ফেব্ৰুৱাৰী : যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা হাৰিয়ানাৰ ফৰিদাবাদত অনুষ্ঠিত হৈছে সূৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় মেলা ২০২৩ (36th Surajkund International Crafts Fair)। বহু পৰ্যটক আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ৩৬ সংখ্যক সূৰজকুণ্ড মেলাত ভিৰ কৰা দেখা গৈছে । বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী চোৱাৰ লগতে প্ৰয়োজনীয় সামগ্ৰীও ক্ৰয় কৰি লৈ গৈছে পৰ্যটকসকলে ।

এইবাৰ সূৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় মেলাত একাধিক হস্তশিল্প কলা প্ৰদৰ্শন কৰা হৈছে । উত্তৰ-পূৱৰ পৰাও গৈছে শিল্পীসকল । বিশেষকৈ মেঘালয়ৰ পৰা যোৱা এটা শিল্পীৰ দলে প্ৰদৰ্শন কৰা বিভিন্ন সামগ্ৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ (Goods from Meghalaya at Surajkund Fair)।

বিশেষ চৰ্চাও লাভ কৰিছে মেঘালয়ৰ শিল্পীসকলে দিয়া বিপণীখনে । কিয়নো বিপণীখনত উপলব্ধ সামগ্ৰীবোৰ বাকীসকলোত কৈ ব্যতিক্ৰম । কাৰণ সামগ্ৰীবোৰ প্ৰস্তুত কৰা হৈছে পেলনীয়া সামগ্ৰীৰে । মানুহে এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি মেঘালয়ৰ শিল্পীসকলে প্ৰস্তুত কৰি তুলিছে বহু আকৰ্ষণীয় সৌন্দৰ্যবৰ্ধনৰ সামগ্ৰী (Beautification products of Meghalaya)। সামগ্ৰীবোৰৰ ভিতৰত আছে বিভিন্ন ৰঙৰ ফুল আৰু গছ আদি ।

মেলালৈ অহা সকলোৱে মেঘালয়ৰ শিল্পীসকলৰ এই প্ৰতিভা দেখি আচৰিত হৈছে (Meghalaya craftsman made artificial flowers)। শিল্পীসকলক প্ৰশংসাও কৰিছে বিভিন্নজনে । প্ৰায়বোৰ পৰ্যটকেই মেঘালয়ৰ বিপণীখনৰ পৰা আটকধুনীয়া সামগ্ৰী ক্ৰয় কৰি লৈ গৈছে । পৰ্যটকসকলৰ মতে সামগ্ৰীবোৰ ধুনীয়া যদিও সস্তা (Artists from Meghalaya get respect in Haryana)।

মেঘালয়ৰ এগৰাকী শিল্পীয়ে জনোৱা মতে তেওঁ প্ৰথমবাৰৰ বাবে সূৰজকুণ্ড মেলাত বিপণী স্থাপন কৰিছে । কিন্তু যোৱা ১২ বছৰ ধৰি, তেওঁ মেঘালয়ত পাইকাৰী ব্যৱসায় চলায় আহিছে । তেওঁ কয় যে তেওঁৰ সামগ্ৰীবোৰ অৰ্ডাৰ অনুযায়ী প্ৰস্তুত কৰা হয় আৰু বজাৰত বিক্ৰী কৰা হয় । তেওঁ এই কৰ্মৰ বাবে ৰাজ্যিক বঁটাও লাভ কৰিছে । কেৱল এয়াই নহয়, তেওঁ এই দক্ষতাৰে ৬০ গৰাকী লোকক নিযুক্তি প্ৰদান কৰিবলৈও সক্ষম হৈছে ।

মেঘালয়ৰ শিল্পী কবিতা বিশ্বই কোৱা মতে তেওঁৰ বিপণীত পোৱা সামগ্ৰীবোৰৰ দাম কম আৰু ধুনীয়া । একে সময়তে, মেলালৈ অহা লোকসকলে কয় যে তেওঁলোকে প্ৰতি বছৰে এই মেলাৰ বাবে অপেক্ষা কৰি থাকে আৰু তেওঁলোকে প্ৰতিবাৰেই ইয়ালৈ আহে আৰু বজাৰ কৰে (Art of Meghalaya)। কাৰণ এই মেলাত পোৱা সামগ্ৰীবোৰ আন কোনো ঠাইত পোৱা নাযায় ।

লগতে পঢ়ক :National Women's day: সৰোজিনী নাইডুক কিয় ভাৰতৰ নাইটিংগেল বুলি কোৱা হয় জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.