ETV Bharat / bharat

জনপ্ৰিয় গায়ক ডালেৰ মেহেন্দীক গ্ৰেপ্তাৰ - বিখ্যাত পাঞ্জাৱী গায়ক ডালেৰ মেহেন্দীক গ্ৰেপ্তাৰ পঞ্জাৱ আৰক্ষীৰ

বিখ্যাত পাঞ্জাৱী গায়ক ডালেৰ মেহেন্দীক গ্ৰেপ্তাৰ পঞ্জাৱ আৰক্ষীৰ । মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে মেহেন্দীক(Daler Mehndi's 2 year imprisonment sentence) ৷ প্ৰায় 19 বছৰ পূৰ্বে ৰুজু কৰা হৈছিল এই গোচৰ ৷

Daler Mehandi arrest
পাঞ্জাৱী গায়ক ডালেৰ মেহেন্দিক গ্ৰেপ্তাৰ
author img

By

Published : Jul 14, 2022, 5:29 PM IST

Updated : Jul 14, 2022, 5:53 PM IST

নিউজ ডেস্ক, 14 জুলাই : বিখ্যাত পাঞ্জাৱী গায়ক ডালেৰ মেহেন্দীক মানৱ সৰবৰাহৰ গোচৰত বৃহস্পতিবাৰে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ পঞ্জাৱৰ পাটিয়ালা আদালতে 19 বছৰ পুৰণি এক গোচৰৰ শুনানী গ্ৰহণ কৰি পাঞ্জাৱী গায়কগৰাকীক 2 বছৰৰ কাৰাদণ্ড বিহে(Daler Mehndi sentenced two years in human trafficking case) ৷ পাটিয়ালা আদালতৰ এই ৰায়দানৰ পাছত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গায়কগৰাকীক(Famous Punjabi singer Daler Mehndi arrested) ৷

ডালেৰ মেহেন্দীৰ বিৰুদ্ধে 2003 চনত মানৱ সৰবৰাহৰ এক গোচৰ ৰুজু কৰা হৈছিল ৷ 2003 চনৰ 19 ছেপ্টেম্বৰত ডালেৰ মেহেন্দীৰ জ্যেষ্ঠ ভাতৃ শ্বামছেৰ মেহেন্দীৰ বিৰুদ্ধে কবুতৰ পেল্টিং মিউজিক বেণ্ডৰ জৰিয়তে লোকসকলক অবৈধভাৱে বিদেশলৈ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই সন্দৰ্ভত শ্বামছেৰ মেহেন্দীৰ বিৰুদ্ধে এজাহাৰ দাখিলো কৰা হৈছিল ।

এই গোচৰৰ তদন্তৰ সময়ত ডালেৰ মেহেন্দীৰ নামো পোহৰলৈ আহিছিল । পাঞ্জাৱৰ নিম্ন আদালতে এই গোচৰৰ শুনানী গ্ৰহণ কৰি প্ৰায় 15 বছৰৰ পিছত অৰ্থাৎ 2018 চনত ৰায়দান কৰে ৷ আদালতে গোচৰটোত ডালেৰ মেহেন্দীক দোষী সাব্যস্ত কৰিছিল আৰু 2 বছৰৰ কাৰাদণ্ড বিহে ।

নিম্ন আদালতৰ এই ৰায়ৰ পাছত আজি পুনৰ পাঞ্জাৱৰ পাটিয়ালা আদালতে গোচৰৰ শুনানী গ্ৰহণ কৰি তেওঁৰ পূৰ্বৰ শাস্তি বাহাল ৰাখে । পাটিয়ালা আদালতৰ শুনানীৰ পাছত পঞ্জাৱ আৰক্ষীয়ে জনপ্ৰিয় গায়কগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ অৱশ্যে, পাটিয়ালা আদালতৰ এই ৰায়ৰ বিৰুদ্ধে ডালেৰ মেহেন্দীয়ে এতিয়া উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰিব ৷

লগতে পঢ়ক : দেশৰ ৰাজধানী নাৰীৰ বাবে একদম সুৰক্ষিত নহয়: অভিনেত্ৰী ছান্যা মালহোত্ৰা

Last Updated : Jul 14, 2022, 5:53 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.