ETV Bharat / bharat

HBD Sanjay Leela Bhansali: নিজৰ কেৰিয়াৰত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ভাঞ্চালী ?

এটি সৰু বস্তিত এটা কোঠালীতে জীৱন অতিবাহিত কৰা সঞ্জয় লীলা ভাঞ্চালী কেনেকৈ হ'ল এজন সফল পৰিচালক ৷ তেওঁৰ জীৱনৰ বিষয়ে জানিলে নিশ্চয়কৈ অনুপ্ৰাণিত হ'ব আপুনিও ৷ পঢ়ক সঞ্জয় লীলা ভাঞ্চালীৰ জন্মদিন উপলক্ষে তেওঁৰ জীৱনৰ কিছু কথা...

author img

By

Published : Feb 24, 2023, 3:46 PM IST

Happy Birthday Sanjay Leela Bhansali
নিজৰ কেৰিয়াৰ জীৱনত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল ভাঞ্চালীয়ে

চিটাৰা ডেস্ক, 24 ফেব্ৰুৱাৰী: বলীউডৰ বিখ্যাত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ আজি ৬০ সংখ্যক জন্মদিন (Sanjay Leela Bhansali Birthday)। ১৯৬৩ চনত মুম্বাইত জন্মগ্ৰহণ কৰা সঞ্জয় লীলা ভাঞ্চালী আজি এটা সুপৰিচিত নাম আৰু তেওঁ হিন্দী চিনেমা জগতক দেৱদাস, বাজীৰাও মস্তানী, হম দিল দে চ্যুকে সনমৰ দৰে বহু ছুপাৰহিট ছবি উপহাৰ দিছে (Leela Bhansali)। কিন্তু সফলতাৰ পথটো পৰিচালকজনৰ বাবে সহজ নাছিল, বিশেষকৈ এজন মদ্যপায়ী পিতৃৰ সৈতে বস্তিত এটা কোঠাত ডাঙৰ হোৱা এজন শিশুৰ বাবে এনে এক ভৱিষ্যৎ কল্পনাতীত আছিল । শৈশৱত তেওঁৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা বিশেষ এটা ভাল নাছিল (Sanjay Leela Bhansali)।

গুজৰাটী পৰিয়ালৰ আছিল সঞ্জয় লীলা ভাঞ্চালী (Happy Birthday SLB) ৷ তেওঁৰ পিতৃ এগৰাকী প্ৰযোজক আছিল যদিও তেওঁ নিজৰ কেৰিয়াৰত বিফল হোৱাৰ পিচৰে পৰা সুৰাৰ প্ৰতি ঢাল খায় ৷ কিন্তু মাতৃ লীলা ভাঞ্চালীয়ে তেওঁৰ বাবে সম্ভৱপৰ সকলো প্ৰকাৰে সহায় কৰাটো নিজৰ জীৱনৰ লক্ষ্য কৰি তুলিলে । সকলো ত্যাগ স্বীকাৰ কৰি মাতৃ লীলা ভাঞ্চালীয়ে পুত্ৰ সঞ্জয়ক এজন সফল ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল ৷

এক সাক্ষাৎকাৰত সঞ্জয় লীলা ভাঞ্চালী আৰু তেওঁৰ মাতৃয়ে ব্যক্ত কৰে যে, তেওঁলোকে জীৱন নিৰ্বাহৰ বাবে ওচৰৰ দোকান এখনৰ পৰা শাৰী সংগ্ৰহ কৰি তাৰ পিচত চিলাই কৰিছিল (Sanjay Leela Bhansali) । তেওঁ কয়, “আমি গধূলি দোকানৰ পৰা শাৰী আনি ৰাতিলৈকে চিলাইৰ কাম কৰিবলৈ যাওঁ । কেতিয়াবা ৪ খন শাৰী পাইছিলোঁ, কেতিয়াবা ১২ খন শাৰী পাইছিলোঁ, কেতিয়াবা ২৪ খন শাৰী পাইছিলোঁ ৷" এনেদৰে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিছিল । এটা বস্তিত সৰু কোঠাতে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছিল দাৰিদ্ৰতাৰ মাজত ৷

সহকাৰী পৰিচালক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল সঞ্জয়ে

সঞ্জয়ে সহকাৰী পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল (Sanjay Leela Bhansali Director)। ইয়াৰ পিচত তেওঁ দেৱদাস, পদ্মাৱত, ব্লেক, চন্দ্ৰমুখী, গংগুবাই কাঠিৱাড়ীলৈকে বহু ছবি পৰিচালনা কৰিছে । চলচ্চিত্ৰ জগতত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হয় ভাঞ্চালীয়ে । ইয়াৰ সমান্তৰালকৈ কোৱা হয় যে, তেওঁ অভিনেতাসকলৰ পৰা শ্ৰেষ্ঠতম প্ৰদৰ্শন লাভ কৰাৰ পিচতহে স্বস্তিৰ নিশ্বাস লয় আৰু তেওঁলোকৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে আলিয়া, দীপিকা, ৰণবীৰকে ধৰি বহু অভিনেতাক বঁটাৰে সন্মানিত কৰা হৈছে ।

তেওঁৰ সামৰ্থ্যৰ প্ৰমাণ ইয়াতে পাব পাৰি যে, তেওঁৰ ছবিৰ প্ৰতিটো চৰিত্ৰৰ ওপৰত তেওঁ অতি নিখুঁতভাৱে কাম কৰে আৰু ডাঙৰ পৰ্দাত নিখুঁতভাৱে প্ৰদৰ্শনৰ বাবেও তেওঁ অহোপুৰুষাৰ্থ কৰি আহিছে (Film Director Sanjay Leela Bhansali)। ভাঞ্চালীয়ে কাহিনীসমূহ এক অনন্য শৈলীৰে দৰ্শকৰ আগত উপস্থাপন কৰাটোৱে তেওঁক আনতকৈ সম্পূৰ্ণ পৃথক হিচাপে পৰিগণিত কৰিছে (Sanjay Leela Bhansali Birthday)৷ যাৰ বাবেই হয়তো প্ৰতিজন ডাঙৰ তাৰকাই তেওঁৰ সৈতে কাম কৰিব বিচাৰে ।

ছুপাৰহিট চিনেমাৰে দৰ্শকৰ হৃদয় জয় কৰিছিল সঞ্জয়ে

ইতিমধ্যে তেওঁ নিজৰ বিখ্যাত চলচ্চিত্ৰৰ কেৰিয়াৰত Hum Dil De Chuke Sanam, Devdas, Black, Goliyon Ki Raasleela Ramleela, Bajirao Mastani, Padmavatৰ দৰে ছুপাৰহিট ছবি পৰিচালনা কৰি নিজৰ সামৰ্থ প্ৰমাণ কৰিছে । বিভিন্ন শাখাত পাঁচবাৰকৈ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে সঞ্জয়ে । চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁ পদ্মশ্ৰী বঁটাৰেও সন্মানিত কৰিছে । বৰ্তমান সময়ত বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ পৰিচালকৰ ভিতৰত সঞ্জয় লীলা ভাঞ্চালীকো এগৰাকী অন্যতম পৰিচালক হিচাপে গণ্য কৰা হয় (Bollywood News)।

নৃত্য পৰিচালক বৈভৱী মাৰ্চেণ্টৰ সৈতে প্ৰেমৰ কাহিনী

‘হম দিল দে চ্যুকে সনম’ ছবিখন নিৰ্মাণৰ সময়ত তেওঁ নৃত্য পৰিচালক বৈভৱী মাৰ্চেণ্টৰ প্ৰেমত পৰিছিল বুলি কোৱা হয় । দুয়োৰে এই সম্পৰ্ক আনকি বিবাহৰ পৰ্যায়লৈকে গৈছিল । কিন্তু কিছু কাৰণত ভাঞ্চালী আৰু বৈভৱীৰ বিয়া সম্ভৱপৰ হ’ব পৰা নাছিল (Latest Bollywood News) । বৈভৱী তেওঁৰ প্ৰথম প্ৰেম হোৱাৰ বাবেই তেওঁৰ জীৱনত অন্য কোনো স্ত্ৰী অহা নাছিল ।

২০১৭ চনৰ আৰম্ভণিতে জয়পুৰত ‘পদ্মাৱতী’ ছবিৰ চেটত ৰাজপুত কৰণী সেনাৰ সদস্যই সঞ্জয় লীলা ভাঞ্চালীক আক্ৰমণ কৰিছিল । ছবিখনত পদ্মৱতী (দীপিকা পাডুকন) আৰু আলাউদ্দিন খিলিজি (ৰণবীৰ সিং)ৰ মাজত প্ৰেমৰ কথিত দৃশ্যৰ বাতৰিয়ে সমাজৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক: Remembering Sridevi: শ্ৰীদেৱীৰ মৃত্যুবাৰ্ষিকীত জানো আহক তেখেতেৰ কেইটামান নজনা কথা . . .

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.