ETV Bharat / bharat

Family 'sacrifices' minor daughter: অন্ধবিশ্বাসৰ বলি হৈ নৱৰাত্ৰিত কন্যাক বলি দিলে পিতৃ-মাতৃয়ে

author img

By

Published : Oct 13, 2022, 1:50 PM IST

এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত সোমাই আছে একাংশ লোক (case of suspected human sacrifice)৷ এইবাৰ অন্ধবিশ্বাসৰ বলি হৈ নিজ কন্যাকে বলিদান দিলে এহাল পিতৃ-মাতৃয়ে (Family sacrifices minor daughter)৷

Family sacrifices minor daughter in Gujarat
অন্ধবিশ্বাসৰ বলি হৈ নৱৰাত্ৰিত কন্যাক বলি দিলে পিতৃ-মাতৃয়ে

নেশ্যনেল ডেস্ক, 13 অক্টোবৰ: আজি ২১ শতিকাত য’ত মানৱ সভ্যতা উন্নতিৰ শিখৰত উপনীত হৈছে, যি সময়ত বৈজ্ঞানিক আৱিষ্কাৰ সমূহে পৃথিৱীখনক গোলকীয় গাঁৱলৈ পৰিৱৰ্তিত কৰিছে, সেই সময়তো আমি অন্ধবিশ্বাস, কু-সংস্কাৰ, অপবিজ্ঞান আদি সামাজিক ব্যাধিৰ পৰা মুক্ত হ’ব পৰা নাই ৷ একাংশ লোক এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত সোমাই আছে (case of suspected human sacrifice)৷ এইবাৰ অন্ধবিশ্বাসৰ বলি হৈ নিজ কন্যাকে বলিদান দিলে এহাল পিতৃ-মাতৃয়ে (Family sacrifices minor daughter)৷

এই জঘন্য ঘটনা সংঘটিত হৈছে গুজৰাটত ৷ ৰাজ্যখনৰ সোমনাথ জিলাৰ ধাৰাগিৰ গাঁৱৰ এটা পৰিয়ালে নিজ 14 বছৰীয়া কন্যাক বলিদান দিবলৈ হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Family sacrifices minor daughter in Gujarat)৷

জানিব পৰামতে যোৱা 3 অক্টোবৰত নৱৰাত্ৰিৰ নিশা পৰিয়ালটোৰ আৰ্থিক সমৃদ্ধি সুচল হ’বলৈ কিশোৰীগৰাকীক পৰিয়ালৰ লোকে বলি দিয়ে ৷ কেৱল বলি দিয়েই ক্ষান্ত নাথাকি তেওঁলোকে কিশোৰীগৰাকীয়ে পুনৰ জন্ম লোৱাৰ ধাৰণা কৰি চাৰিদিনৰ বাবে মৃতদেহটো খেতিপথাৰৰ মাজত থৈ দিয়ে ৷

ভুক্তভোগী কিশোৰীগৰাকীয়ে যোৱা ছয়মাহৰ পূৰ্বলৈকে চুৰাটত পিতৃৰ লগত থাকি অধ্যয়ন কৰি আছিল ৷ তেওঁৰ পিতৃ ভৱেশে ব্যৱসায় সূত্ৰে চুৰাটত বাস কৰিছিল ৷ তাৰ পিছতেই হঠাৎ পিতৃয়ে কিশোৰীগৰাকীক বিদ্যালয়ৰ পৰ নাম কটাই গাঁৱলৈ লৈ আহিছিল আৰু তাইক খেতিপথাৰৰ মাজৰ এটা জুপুৰী ঘৰত থাকিবলৈ দিছিল ৷ এই কাণ্ড দেখি গাঁৱৰ লোকো আচৰিত হৈছিল যদিও পৰিয়ালৰ লোকে তাইক খেতিৰ কাম শিকাবলৈ এনেদৰে ৰখা হৈছিল বুলি কৈছিল ৷

পৰৱৰ্তী সময়ত হঠাৎ পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ মৃত্যু খবৰ দিয়াত গাঁৱৰ লোকসকলৰ সন্দেহ উপজে ৷ লগে লগে গাঁৱৰ লোকে এই ঘটনাৰ কথা স্থানীয় আৰক্ষীক অৱগত কৰে ৷ গাঁওবাসীয়ে জনোৱা অনুসৰি মাজনিশা পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল (Minor body was cremated in the family farm )৷

বৃহস্পতিবাৰে স্থানীয় আৰক্ষীসহ ফৰেনচিকৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে খেতিপথাৰৰ মাজৰ পৰা কিশোৰীগৰাকীৰ চিতাভষ্ম সংগ্ৰহ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে কিশোৰীগৰাকীৰ পিতৃ ভৱেশক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ভৱেশে আৰক্ষীৰ সন্মুখত এই ঘটনাৰ কথা স্বীকাৰ কৰে ৷ ভৱেশে এজন তান্ত্ৰিকৰ পৰামৰ্শ অনুসৰি পৰিয়ালটোলৈ সমৃদ্ধি ঘূৰি অহাৰ আশাত এই ঘটনা সংঘটিত কৰিছিল ৷ তান্ত্ৰিকগৰাকীয়ে কোৱামতে তেওঁলোকৰ কন্যাক বলি দিয়াৰ চাৰিদিনৰ ভিতৰতে তেওঁ পুনৰ জনম ল’ব ৷

অৱশেষত কন্যাই পুনৰ জনম নোলোৱো দেখি আতংকিত হৈছে নিকটৱৰ্তী পৰিয়ালৰ উপস্থিতিত তেওঁলোকে ৰীতি-নীতি অনুসৰি নিজ কন্যাৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰে ৷ সম্প্ৰতি এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Kerala Human Sacrifice case: দুই মহিলাক বলি দি ৰান্ধি খালে দেহৰ অংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.