ETV Bharat / bharat

ত্ৰিপুৰাত ঘৰুৱা হিংসাৰ পৰিণতিত আহত 4জন ব্যক্তি - Domestic violence

ত্ৰিপুৰাৰ চিপাহীজলা জিলাৰ অন্তৰ্গত কালাম চৌৰাৰ সীমাৰ অধীনত আশাকোৰী গ্ৰাম পঞ্চায়তৰ দুপুৰীবান্দাত, পাৰিবাৰিক কন্দলৰ পৰিণতিত বিল্লাল মিঞা নামৰ ব্যক্তি গৰাকীৰ ঘৰত কিছু ঘৰুৱা কণ্ডলৰ সৃষ্টি হয় ৷ যাৰ ফলত গুৰুত্বৰ ভাৱে আহত হয় চাৰি জনকৈ লোক ৷ তাৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

ত্ৰিপুৰাত ঘৰুৱা হিংসাৰ পৰিণতিত আহত 4জন ব্যক্তি

author img

By

Published : May 4, 2021, 7:38 AM IST

আগৰতলা,4 মে’: সোমবাৰে ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ অন্তৰ্গত কালাম চৌৰাৰ সীমাৰ অধীনত আশাকোৰী গ্ৰাম পঞ্চায়তৰ দুপুৰীবান্দাত সংঘটিত হৈছে এক অঘটন ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত বিল্লাল মিঞা নামৰ ব্যক্তি গৰাকীৰ ঘৰত সৃষ্টি হয় কিছু ঘৰুৱা কণ্ডলৰ ৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় চাৰি জনকৈ লোক ৷ তাৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

স্থানীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, বিল্লাল মিঞা নামৰ ব্যক্তি গৰাকীৰ ঘৰত সঘনে বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল ৷ বিল্লাল মিঞাৰ পত্নীয়ে তেওঁৰ দেওৰেক আৰু ভাই বোৱাৰীয়েকৰ লগত সঘনে কাজিয়াত লিপ্ত হৈছিল ৷ আনহাতে, বিল্লাল মিঞা চাকৰীৰ সূত্ৰে বিদেশত থাকে আৰু তেওঁৰ পত্নী কুলচুম বেগম দুপুৰীবান্দাত দেওৰেক আৰু ভাই বোৱাৰীয়েকৰ লগত থাকে ৷

অন্য দিনাৰ দৰে, বিল্লাল মিঞাৰ ঘৰত সোমবাৰেও পাৰিবাৰিক কণ্ডল লাগে ৷ যাৰ ফলত পাৰিবাৰিক কণ্ডলৰ পৰা অতিস্ত হৈ কুলচুম বেগমে ঘৰৰ পৰা ওলাই আহি দেওৰেক আৰু ভাই বোৱাৰীয়েকৰ বিৰুদ্ধে অভিয়োগ তৰি পিতৃ-মাতৃৰ ঘৰলৈ ঘূৰি আহে ৷ পৰৱৰ্তী সময়ত কুলচুম বেগমৰ পিতৃ আৰু কিছু লোকে কুলচুম বেগমৰ শহুৰেকক প্ৰহাৰ কৰিবলৈ উদ্যত হয় ৷ উল্লেখ্য যে, স্থানীয় আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই আক্ৰমণত আবু তাহেৰ (৬০), গনী মিঞা (৭০), সৌহেল মিঞা (২৭) আৰু ৰবিউল ইছলাম (৩৭) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তেওঁলোকৰ ভিতৰত, সৌহেল মিঞাৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনকবুলি জানিব পৰা গৈছে ৷

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আক্ৰমণকাৰী সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ তেওঁলোক হ’ল নীল মিঞা (৬০), চাবুজ মিঞা (৩০), মহিনুৰ আখটাৰ (৩১) আৰু কুলচুম । উল্লেখ্য যে, চিপাহীজলা আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: দুটা দিনত মিজোৰামত দুগৰাকী ক'ভিড ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.