ETV Bharat / bharat

পেৰুম্বভোৰত একেটা পৰিয়ালৰে ৪ জনৰ মৃত্যু - ছুইচাইড নোট

কেৰালাৰ পেৰুম্বভোৰত এটা বাসগৃহৰ ভিতৰত উদ্ধাৰ হ'ল একেটা পৰিয়ালৰে ৪ জন সদস্যৰ মৃতদেহ । প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে আটাইকেইজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ছুইচাইড নোট ।

পেৰুমবভোৰত একেটা পৰিয়ালৰে ৪ জনৰ মৃত্যু
পেৰুমবভোৰত একেটা পৰিয়ালৰে ৪ জনৰ মৃত্যু
author img

By

Published : Dec 31, 2020, 7:21 PM IST

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: কেৰালাৰ পেৰুম্বভোৰত একেটা পৰিয়ালৰে ৪ জন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এনাৰকুলাম জিলাৰ পেৰুম্বভোৰৰ চেলামট্টমত এটা বাসগৃহৰ ভিতৰত এটি কিশোৰসহ ৪ জন লোকৰ মৃতদেহ উদ্ধাৰ হয় । পৰিয়ালটোৰ মুৰব্বী বিজু, তেওঁৰ পত্নী অম্বিলি আৰু তেওঁলোকৰ দুই সন্তানক মৃত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ।

বাসগৃহৰ মুখ্য কোঠাত সন্তান দুটিৰ মৃতেদহ উদ্ধাৰ হোৱাৰ লগতে শুৱনি কোঠাত বিজু আৰু তেওঁৰ পত্নী অম্বিলিৰ মৃতেদহ উদ্ধাৰ হয় । প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে আটাইকেইজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । বাসগৃহৰ ভিতৰতে এখন ছুইচাইড নোট লাভ কৰিছে আৰক্ষীয়ে । আটাইকেইজনৰে আত্মাই শান্তি সদগতি লাভ নকৰা পৰ্যন্ত পৰিয়ালৰ লোকক বাসগৃহটোত প্ৰৱেশ নকৰিবলৈ দেৱালত লিখি থোৱা আছিল ।

চিট ফান্দ কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰাৰ পিছতে আৰ্থিক অভাৱত ভুগিছিল পৰিয়ালটোৱে । যিসকল লোকৰ পৰা ধন লৈছিল তেওঁলোকক ৩১ ডিচেম্বৰৰ ধন উভতাই দিয়া প্ৰতিশ্ৰুতি দিছিল । বৃহস্পতিবাৰে পুৱা সকলোকে ফোন কৰি তেওঁৰ ঘৰলৈ আহিবলৈ কৈছিল বিজু নামৰ লোকজনে । বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.