ETV Bharat / bharat

Shooter Lavlesh Tiwari : আতিক হত্যাকাৰী লাভলেশ তিৱাৰীৰ পৰিয়ালে এৰিলে ঘৰ - আতিক আহমেদক হত্যা

আতিক আহমেদৰ হত্যাকাৰীৰ পৰিয়ালে লাভ কৰিছে গেংষ্টাৰজনৰ অনুগামীৰ পৰা ভাবুকি । এই ভাবুকিত ত্ৰস্ত হৈ আতিক আহমেদক হত্যা কৰা তিনিওজন হত্যাকাৰীৰ পৰিয়ালে ঘৰ এৰি পলায়ন কৰিছে । উল্লেখ্য, আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰা তিনিজন শ্বুটাৰক বান্দাৰ বাসিন্দা লাভলেশ তিৱাৰী, হামিৰপুৰৰ বাসিন্দা মোহিত ওৰফে ছানী আৰু কাচগঞ্জৰ বাসিন্দা অৰুণ মৌৰ্য বুলি চিনাক্ত কৰা হৈছে (Shooter Lavlesh Tiwaris family left home) ।

Shooter Lavlesh Tiwari
তিক আহমেদৰ হত্যাকাৰীৰ পৰিয়ালে লাভ কৰিছে গেংষ্টাৰজনৰ অনুগামীৰ পৰা ভাবুকি
author img

By

Published : Apr 18, 2023, 1:44 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিল : গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰা তিনিজন শ্বুটাৰৰ ভিতৰৰ এজন হৈছে বান্দা জিলাৰ প্ৰয়াগৰাজৰ লাভলেশ তিৱাৰী (gangster Atiq Ahmed murder case) । আৰক্ষীয়ে ইতিমধ্যে তিনিওজনকে গ্ৰেপ্তাৰ কৰিছে (Atiq Ahmeds shooter Atiq Ahmed) । আনহাতে, দেওবাৰে লাভলেশৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে বান্দাত আৰক্ষী মোতায়েন কৰা হয় । তাৰ মাজতে সোমবাৰে লাভলেশৰ পৰিয়ালে ঘৰত তলামাৰি পলায়ন কৰে । যিটো বৰ্তমান সমগ্ৰ জিলাখনৰ মানুহৰ মাজতে আলোচনাৰ বিষয় হৈ পৰিছে (Shooter Lavlesh Tiwaris family left home) ।

আনহাতে, জানিব পৰা মতে আতিক আহমেদৰ হত্যাকাৰীৰ পৰিয়ালে নিৰন্তৰ ভাবুকিৰ সন্মুখীন হৈ আছে । ইয়াৰ পিচতে তেওঁলোকে নিজৰ বাসস্থানবোৰ খালী কৰি গেংষ্টাৰৰ অনুগামীসকলৰ সম্ভাৱ্য আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দূৰৈৰ ঠাইলৈ গুচি গৈছে । ইতিমধ্যে শ্বুটাৰ অৰুণ মৌৰ্যৰ পৰিয়ালৰ সদস্যই কাচানগজত থকা তেওঁলোকৰ ঘৰ এৰি ক'ৰবালৈ গুচি গৈছে । আনকি তিনিজন শ্বুটাৰকে প্ৰয়াগৰাজৰ নয়নী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা প্ৰতাপগড় জিলা কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে (Atiq Ahmeds Shooters family left home) ।

আতিক আহমেদৰ এজন অনুগামী দলটোৰ কিছু সদস্যৰ সৈতে নয়নী কাৰাগাৰত বন্দী হৈ আছে । তেওঁলোকৰ পৰা আহিব পৰা ভাবুকিৰ কথা বিবেচনা কৰিয়ে আতিক আহমেদৰ হত্যাকাৰীক নয়নী কাৰাগাৰৰ পৰা বাহিৰলৈ স্থানান্তৰিত কৰা হৈছে । ইফালে আৰক্ষী অধীক্ষকজনে দেওবাৰে লাভলেশৰ ঘৰ পৰিদৰ্শন কৰে । শেহতীয়াকৈ তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতেও কথা পাতে । ইয়াৰ উপৰি আৰক্ষীক তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে । কিন্তু সোমবাৰে লাভলেশৰ পৰিয়ালে ঘৰটো বন্ধ কৰি ক'ৰবালৈ গুচি যায় । অৱশ্যে আৰক্ষীয়ে ঘটোৰ বাহিৰত পহৰা দি আছে ।

লগতে, আতিক আহমেদ আৰু আশ্ৰফৰ হত্যাকাণ্ডত জড়িত শ্বুটাৰ অৰুণ মৌৰ্যৰ পৰিয়ালৰ সদস্যসকলেও তেওঁলোকৰ ঘৰ এৰি ক'ৰবালৈ গুচি যায় । অৰুণ মূলত কাচগঞ্জৰ চোৰন কোতৱালী অঞ্চলৰ কাদাৰৱাড়ী গাঁৱৰ বাসিন্দা । অৰুণ মৌৰ্যৰ পুত্ৰ দীপকে বৰ্তমান হাৰিয়ানাৰ পাণিপথ জিলাৰ বিকাশ নগৰত বাস কৰি আছে ।

লগতে পঢ়ক : Historian Irfan Habib on Assam CM; ৰাজনৈতিক আলোচনাত আটাইতকৈ বিষাক্ত ব্যক্তি হিমন্ত বিশ্ব শৰ্মা : ইৰফান হাবিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.