নিউজ ডেস্ক, ৮ মে' : চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত বিশেষভাৱে দৃষ্টি ৰাখিছে কংগ্ৰেছে । দলটোৰ নেতা কমল নাথে সোমবাৰে ৰাজ্যখনত কংগ্ৰেছ শাসনলৈ আহিলে প্ৰতিটো পৰিয়ালক ৰাজসাহায্যযুক্ত মূল্যত এলপিজি চিলিণ্ডাৰ প্ৰদানৰ লগতে প্ৰতিগৰাকী মহিলাক ১,৫০০ টকাকৈ মাহিলি সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে (congress declaration ahead of MP polls) ।
কমল নাথে কয় যে, দলটোৱে নৰী সন্মান যোজনাৰ অধীনত মহিলাসকলক এই ধন প্ৰদান কৰিব (Kamal Nath announce 1500 rs for women in MP) । উল্লেখ্য, কৰ্ণাটকত নিৰ্বাচনী প্ৰতিশ্ৰুতি দি কংগ্ৰেছে ইস্তাহাৰত প্ৰতিটো পৰিয়ালৰ মহিলা মুৰব্বীক ২,০০০ টকাৰ মাহিলি সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছে । কমল নাথে ৯ মে'ত ছিন্দৱাৰাত 'নাৰী সন্মান যোজনা' আৰম্ভ কৰিব (congress Nari Samman Yojana in MP) ।
সূত্ৰ অনুসৰি, কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টীৰ 'লাডলী বেহনা যোজনা'ক (BJP Ladli Bahana Yojana in MP) প্ৰতিৰোধ কৰিবলৈ এই যোজনা প্ৰস্তুত কৰিছে । বিজেপিৰ এই যোজনাৰ অধীনত প্ৰতিগৰাকী মহিলাই প্ৰতি মাহে 1,000 টকাকৈ লাভ কৰে । এএনআইৰ সৈতে হোৱা বাৰ্তালাপত কমল নাথে কয়, "দেশত মুদ্ৰাস্ফীতি অধিক আৰু মহিলাসকল ইয়াৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে । আমি নাৰী সন্মান যোজনাৰ অধীনত প্ৰতিমাহে ১,৫০০ টকা তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাবে আৰু এলপিজি চিলিণ্ডাৰ ৫০০ টকাত দিয়াৰ সিদ্ধান্ত লৈছোঁ । ৰাজ্যখনত আমাৰ চৰকাৰ গঠন হ'লে এই সুবিধা প্ৰদান কৰা হ'ব (Congress Eyeing MP Assembly Polls) ।"
কমল নাথে কয় যে, তেওঁ প্ৰতিটো পৰিয়ালক ৫০০ টকাত এলপিজি চিলিণ্ডাৰ আৰু মহিলাসকলক ১,৫০০ টকা প্ৰদান কৰাৰ লক্ষ্যৰে ৯ মে'ত আঁচনিখন আৰম্ভ কৰিব । "আমি যিমান সম্ভৱ সিমান মহিলাক লাভান্বিত কৰিবলৈ চেষ্টা কৰিম । আমাৰ ভগ্নীসকল মুদ্ৰাস্ফীতিৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয় । ৰাজ্যখনত মহিলাৰ ওপৰত অত্যাচাৰ হৈছে । আজি মধ্যপ্ৰদেশ মহিলাৰ অত্যাচাৰৰ ক্ষেত্ৰত এক নম্বৰত ।" কমল নাথে এই অভিযোগ কৰে (Madhya Pradesh Assembly polls) ।
আনহাতে, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকো আক্ৰমণৰ লক্ষ্য কৰি লৈ অভিযোগ কৰে যে বিজেপি নেতাজনে তেওঁৰ কাৰ্যকালত মহিলাসকলৰ বাবে পৰ্যাপ্ত কাম কৰা নাই (congress slams CM Shivraj Singh Chouhan) । কিন্তু এতিয়া তেওঁলোকক প্ৰলোভিত কৰাৰ বাবে এখন আঁচনি আৰম্ভ কৰিছে । "মুখ্যমন্ত্ৰী চৌহানে যোৱা ১৮ বছৰ ধৰি মহিলাৰ বিষয়ে চিন্তা কৰা নাছিল । কিন্তু যেতিয়া নিৰ্বাচন সমাগত হয় তেতিয়া তেওঁ প্ৰলোভন দিবলৈ আহে । ৪০০-৫০০ টকাৰ এলপিজি চিলিণ্ডাৰৰ মূল্য এতিয়া ১,১০০ টকা ।
"এফালে আপুনি (মুখ্যমন্ত্ৰী চৌহান) মহিলাসকলক ১,০০০ টকা দিয়াৰ কথা কৈছে আৰু আনফালে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ বাবে মুদ্ৰাস্ফীতি আৰোপ কৰিছে ।" তেওঁ কয় । ঋণগ্ৰস্ত মধ্যপ্ৰদেশত এনে আঁচনিৰ (নৰী সন্মান যোজনা) বোজা ৰাইজে বহন কৰিব লাগিব নেকি বুলি সোধাত কমল নাথে কয় যে আঁচনিখন ঘোষণা কৰাৰ পূৰ্বে দলটোৱে ভালদৰে হিচাপ-নিকাচ কৰি চাইছে (congress leader Kamal Nath) ।
"বিজেপিয়ে প্ৰায় ৩.৫ লাখ কোটি টকাৰ ঋণ লৈছে । এই ঋণৰ ব্যৱহাৰ কি আছিল ? তেওঁ (মুখ্যমন্ত্ৰী চৌহান) আমাৰ আশা, আমাৰ ঠিকাভিত্তিক শিক্ষক আৰু আমাৰ অতিথি শিক্ষকসকলৰ বাবে ধন ব্যৱহাৰ কৰিছে নেকি ? বা তেওঁলোকে ইয়াক কমিছনৰ আশাত ঠিকা দিবলৈ ব্যৱহাৰ কৰিছিল । এইটো আমাৰ দৃষ্টিভংগী নহয় । আমি সম্পূৰ্ণ হিচাপ-নিকাচ কৰাৰ পিছত এইটো ঘোষণা কৰিছোঁ । আমি এই সুবিধা তেওঁলোকক দিবলৈ সক্ষম হ'ম আৰু আমি নিৰ্ণয় কৰিছোঁ যে ইয়াৰ বাবে আমি ধন কেনেদৰে লাভ কৰিম ।" তেওঁ কয় ।
কমল নাথে লগতে কয় যে মধ্যপ্ৰদেশৰ জনসাধাৰণে কংগ্ৰেছে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতিবোৰ মনত ৰাখিছে, যিবোৰ দলটোৱে ২০২০ চনৰ মাৰ্চত চৰকাৰ পতন ঘটাৰ পূৰ্বে প্ৰায় ১৫ মাহ চৰকাৰত থাকোঁতে পূৰণ কৰিবলৈ আৰম্ভ কৰিছিল । "মধ্যপ্ৰদেশৰ মানুহে আমি দিয়া প্ৰতিশ্ৰুতিবোৰ জানে । আমাৰ 15 মাহৰ চৰকাৰত আমি সেইবোৰ পূৰণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ । আমি প্ৰথম কিস্তিত ২৭ লাখ কৃষকৰ ঋণ মাফ কৰিছিলোঁ । আমি 100 ইউনিট বিদ্যুতৰ বাবে 100 টকা কাৰ্যকৰী কৰিছিলোঁ আৰু আন বহুতো কাম কৰা হৈছিল । মধ্যপ্ৰদেশৰ লোকসকলৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে । ৰাজ্যখনৰ লোকসকল মোৰ সাক্ষী ।" প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ।
লগতে পঢ়ক :IAS Sewali Devi Case: শাহু আৰু জোঁৱাইৰ 105 কোটি টকীয়া কেলেংকাৰী; আদালতত শেৱালি দেৱীসহ তিনি অভিযুক্ত