ETV Bharat / bharat

Eye on 2024 polls: শীঘ্ৰেই সাল-সলনি ঘটিব পাৰে মোদী মন্ত্ৰীসভাত; নিৰ্বাচনমুখী ৰাজ্যৰ নেতাৰ কপাল ফুলাৰ সম্ভাৱনা - BJP defeated in Karnataka election

কৰ্ণাটকত পৰাজয়ৰ পাচত এতিয়া বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ৷ 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখন নিজৰ দখললৈ নিবৰ বাবে ৰণকৌশল তৈয়াৰ কৰিছে গেৰুৱা বাহিনীয়ে ৷ তাৰ মাজতে মোদী মন্ত্ৰীসভাৰ সাম্ভাৱ্য সাল-সলনিৰ এক বাতৰি প্ৰকাশ পাইছে (Reshuffle in the Modi cabinet around June 10) ৷

Eye on 2024
Reshuffle in the Modi cabinet around June 10
author img

By

Published : May 31, 2023, 11:00 PM IST

নিউজ ডেস্ক, 31 মে’: শেহতীয়াকৈ কৰ্ণাটকত পুনৰ উত্থান হোৱা কংগ্ৰেছৰ পৰা শংকাৰ সন্মুখীন হোৱা বিজেপিয়ে চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৰাজ্যিক নিৰ্বাচনসমূহত জয়ী হৈ কিছু গৌৰৱ উদ্ধাৰ কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে । নিৰ্বাচনমুখী ৰাজস্থানত হতাশগ্ৰস্ত বিজেপিয়ে বুধবাৰৰ পৰা আৰম্ভ কৰিছে এমাহজোৰা সৰ্বভাৰতীয় প্ৰচাৰ অনুষ্ঠান ‘মহা জনসম্পৰ্ক’ (BJP Maha Janasampark Abhiyan)।

কৰ্ণাটকত বিজেপিৰ শোচনীয় পৰাজয়ে দলটোক আগন্তুক নিৰ্বাচনৰ প্ৰতি সতৰ্ক হ’বলৈ বাধ্য হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত বিজেপি চৰকাৰৰ ৯ বছৰীয়া ‘কৃতিত্ব’ৰ ওপৰত আলোকপাত কৰি ৰাজস্থানত অনুষ্ঠিত এক বৃহৎ ৰাজহুৱা সভাত কংগ্ৰেছক সমালোচনা কৰা আৰম্ভ কৰে ৷ কিন্তু বিজেপিৰ বাকী নেতৃত্বক দলটোৰ নিৰ্বাচনত জয়ৰ সম্ভাৱনাক লৈ ইমান আত্মবিশ্বাসী যেন লগা নাই (BJP defeated in Karnataka election) ।

বিজেপিৰ বাবে হতাশ হৈছে নিৰ্বাচন আৰম্ভ হোৱাৰ আগতে নিৰ্বাচনমুখী ৰাজ্যসমূহত মাহজোৰা সমগ্ৰ ভাৰত প্ৰচাৰৰ সময়ত দলটোৰ প্ৰতি যথেষ্ট সমৰ্থন লাভ কৰাত । ৩১ মে’ৰ পৰা আৰম্ভ হোৱা এই গণ জনপ্ৰচাৰ অভিযান অহা ৩০ জুনলৈকে চলিব ৷ কেন্দ্ৰত দলটোৰ নেতৃত্বত এই ৯ বছৰৰ ভিতৰত লাভ কৰা কৃতিত্বৰ প্ৰচাৰৰ বাবে সমগ্ৰ দেশতে এক ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে গেৰুৱা দলটোৱে (BJP makes strategy for Lok Sabha election) ।

লগতে পঢ়ক: Rahul Gandhi on Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পোষকতা ৰাহুল গান্ধীৰ

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ৰাজ্যিক নিৰ্বাচন হৈছে ‘গ্ৰেণ্ড ফিনালে’ৰ পূৰ্বে ‘ছেমি ফাইনেল’ৰ দৰে ৷ এই নিৰ্বাচনে লোকসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলোৱা সম্ভাৱনা আছে (Eye on 2024 polls)।

কেন্দ্ৰত চৰকাৰৰ ৯ বছৰক ‘গৰীব কল্যাণ বছৰ’ বুলি অভিহিত কৰিছে দলটোৱে । গেৰুৱা দলটোৰ নেতাসকলৰ মতে ২০১৪ চনৰ দহ বছৰ আগতে ‘নীতিগত পক্ষাঘাত’ৰ সৃষ্টি হৈছিল । দলৰ এজন জ্যেষ্ঠ নেতাই কয় যে, ২০২৪ চনৰ ভোটযুদ্ধ কেৱল কৃতিত্ব গণনা কৰিয়েই দলটো জয়ী নহ’ব । সূত্ৰ অনুসৰি অহা ১০ জুনৰ আশে-পাশে মোডী মন্ত্ৰীসভাত সাল-সলনি হ’ব । নিৰ্বাচনমুখী ৰাজ্যসমূহৰ পৰা কিছু নতুন মুখক নিযুক্তি দিয়া হ’ব (Reshuffle in the Modi cabinet around June 10)।

ৰাজ্যসমূহৰ পৰা জনপ্ৰিয় নেতাসকলক মন্ত্ৰী কৰি কেন্দ্ৰলৈ অনাৰ ধাৰণা যাতে মতানৈক্য কলিতে ছিঙি যায় । বিজেপিয়ে আজমেৰ ৰেলীক অগ্ৰাধিকাৰ দি ২০২৪ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৫১ খন মেগা ৰেলী আয়োজনত দৃষ্টি নিক্ষেপ কৰিছে । দলটোৱে আৰু অধিক সাধাৰণ সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ।

গেৰুৱা দলটোৱে যিবোৰ ৰাজ্যত অনুপ্ৰৱেশ বিচাৰে সেইবোৰ ৰাজ্যৰ পৰা আৰু অধিক নেতাক ৰাষ্ট্ৰীয় দৃশ্যপটলৈ অনাৰ পৰিকল্পনা কৰিছে । এই গণ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ দৰে জ্যেষ্ঠ নেতাই ।

লগতে পঢ়ক: 9th Years of Modi Govt : মহা জনসম্পৰ্ক অভিযান আৰম্ভ মোদীৰ; আজমীৰত কংগ্ৰেছক আক্ৰমণ

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ৫৪৩ খন লোকসভাৰ আসন ১৪৪ টা ক্লাষ্টাৰত ভাগ কৰা হৈছে । প্ৰতিটো ক্লাষ্টাৰত দুটা গোটৰ নেতা আঠ দিন থাকিব । এই দলসমূহত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাকে ধৰি মুঠ ২৮৮ গৰাকী বিশিষ্ট নেতা থাকিব । ১৪৪ টা ক্লাষ্টাৰত ৪ হাজাৰৰো অধিক বিধানসভা সমষ্টিলৈ পৰিদৰ্শনৰ বাবে যাব ।

প্ৰতিটো লোকসভা সমষ্টিতে নেতাসকলে এনে এক হাজাৰ বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰিব । সমগ্ৰ দেশৰ ১৬ লাখ বিজেপি কৰ্মী এই কাৰ্যসূচীসমূহৰ সৈতে জড়িত হ’ব । মন্ত্ৰীসভাৰ সালসলনিক লৈ বহুলাংশে নিমাত হৈ আছে দলৰ নেতাসকল । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘে অৱশ্যে এই মেগা পাব্লিক আউটৰিচ ইভেণ্টৰ তদাৰক কৰি আছে বুলি কয় ৷ কাৰণ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হ’বলৈ হতাশা অধিক আৰু এইবাৰ জৰুৰীকালীনতা অধিক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.