ETV Bharat / bharat

ডিজিটেল লেনদেনত সংযোজিত হ'ল e-RUPI

author img

By

Published : Aug 2, 2021, 5:07 PM IST

সোমবাৰৰ পৰা আৰম্ভ হ'ল e-RUPI সেৱা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ডিজিটেল পৰিশোধ সমাধান(digital payment solution)ৰ এই বিশেষ সেৱা ৷

digital payment solution e rupi launched in india
ডিজিটেল লেনদেনত সংযোজিত হ'ল e-RUPI

নেশ্যনেল ডেস্ক, 2 আগষ্ট: ডিজিটেল মাধ্যমেৰে পৰিশোধ কৰাৰ ব্যৱস্থাক আৰু অধিক প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে e-RUPI নামৰ এক বিশেষ পৰিশোধ সেৱা ৷ এই বিশেষ সেৱাবিধ হৈছে এক prepaid electronic voucher payment solution ৷ চৰকাৰে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলক প্ৰদান কৰা ‘Sodexo coupon’ ৰ দৰে ই কাম কৰিব ৷ যাৰ জৰিয়তে সেইসকল লোকে ইণ্টাৰনেট বা অন্য কোনোধৰণৰ পেমেণ্ট এপৰ সহায় নোলোৱাকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰিব ৷

উল্লেখ্য যে, ব্যক্তিগত খণ্ডৰ ব্যৱহাৰৰ বাবেও e-RUPIৰ সুবিধা থাকিব ৷ ব্যক্তিগত খণ্ডসমূহে তেওঁলোকৰ কৰ্মচাৰীৰ কল্যাণ আৰু কৰ্প'ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশ হিচাপে এই ডিজিটেল ভাউচাৰবোৰ ব্যৱহাৰ কৰিব পাৰিব ৷ চৰকাৰৰ অন্য বহু বিভাগৰ সহযোগত ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে(National Payments Corporation of India) ইয়াৰ UPI প্লেটফৰ্মত এই সেৱাক বিকশিত কৰিছে ৷

e-RUPIৰ বিষয়ে জানিব লগীয়া কিছু কথা

  • e-RUPI হৈছে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু যোগাযোগবিহীন সঁজুলি ৷ ই QR code আৰু SMS string-based e-voucher, যাক হিতাধিকাৰীসকলৰ ম'বাইললৈ প্ৰেৰণ কৰা হয় ৷
  • এই এককালীন পৰিশোধ প্ৰণালীৰ ব্যৱহাৰকাৰীসকলে কাৰ্ড, ডিজিটেল পেমেণ্ট এপ বা ইণ্টাৰনেট বেংকিঙ প্ৰৱেশাধিকাৰ অবিহনে সেৱা প্ৰদানকাৰীৰ ভাউচাৰ ৰিডিম কৰিবলৈ সক্ষম হ'ব ৷
  • কোনো ধৰণৰ physical interface নোহোৱাকৈ ই সেৱা আগবঢ়োৱা পৃষ্ঠপোষকসকলৰ সৈতে ডিজিটেল মাধ্যমেৰে হিতাধিকাৰীৰ সংযোগ স্থাপন কৰিব ৷
  • লেনদেন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচতহে যাতে সেৱা প্ৰদানকাৰীৰ পৰিশোধ সম্পূৰ্ণ হয়, সেই কথাও ই নিশ্চিত কৰে ৷
  • কোনো ধৰণৰ মধ্যস্থতাকাৰীক জড়িত নকৰোৱাকৈ , এই সেৱাই সেৱা প্ৰদানকাৰীক সময়মতে পৰিশোধ কৰাৰ আশ্বাস দিছে ৷
  • মাতৃ আৰু শিশু কল্যাণ আঁচনিৰ অধীনত ঔষধ আৰু পুষ্টিগত সমৰ্থন প্ৰদান, যক্ষ্মা নিৰ্মূল কাৰ্যসূচী, আয়ুস্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দৰে আঁচনিৰ অধীনত ঔষধ আৰু ৰোগ নিৰ্ণয়, সাৰৰ ৰাজ সাহায্য আদি আগবঢ়োৱাৰ উদ্দেশ্যে থকা আঁচনিসমূহৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ বাবেও ইয়াক ব্যৱহাৰ কৰিব পৰা যায় ৷

এই সেৱাক বিত্তীয় সেৱা বিভাগ(Department of Financial Services), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়(Ministry of Health & Family Welfare and National Health Authority) আৰু National Health Authorityৰ সহযোগত ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে (National Payments Corporation of India) নিজৰ UPI প্লেটফৰ্মত ইয়াক বিকাশ কৰিছে ৷

লগতে পঢ়ক: ২ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিব e-RUPI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.