ETV Bharat / bharat

New economic corridor: ভাৰত মধ্যপ্ৰাচ্য ইউৰোপৰ অৰ্থনৈতিক ক’ৰিডৰ লেখত ল’বলগীয়া উন্নয়ন; ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 11:11 AM IST

ডিজিটেল, শক্তি, আৰু পৰিবহণৰ ক্ষেত্ৰত স্বচ্ছ আৰু সুৰক্ষিত সংযোগ বৃদ্ধিৰ বাবে ইউৰোপীয় সংঘৰ বিশ্বব্যাপী গেটৱে কৌশল প্ৰকল্পটো IMEC ৰ সৈতে ভালদৰে মিলি গৈছে, যিয়ে ইউৰেছিয়ান সংযোগক পুনৰ গঢ় দিব বুলি ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত উগো আস্তুটোৱে ।

new economic corridor IMEC
ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত উগো আষ্টু

ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ আছুতীয়া সাক্ষাৎকাৰ

নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ: ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত উগো আস্তুটোৱে কয় যে, ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপৰ অৰ্থনৈতিক ক’ৰিডৰ লেখত ল’বলগীয়া উন্নয়ন । "ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপীয় সংঘক একত্ৰিত কৰাৰ বাবে আন্তঃগাঁথনিৰ প্ৰকল্প ৰূপায়ণৰ বাবে বহুকেইটা অংশীদাৰী গোটে গ্ৰহণ কৰিছে প্ৰচেষ্টা ৷ ভাৰসাম্য, অন্তৰ্ভুক্তি আৰু বহনক্ষমতাৰ নীতিৰ দ্বাৰা সমৰ্থিত এই পদক্ষেপ ।"

তেওঁ কয় যে ডিজিটেল, শক্তি, আৰু পৰিবহণৰ ক্ষেত্ৰত স্বচ্ছ আৰু সুৰক্ষিত সংযোগ বৃদ্ধিৰ বাবে ইউৰোপীয় সংঘৰ বিশ্বব্যাপী গেটৱে’ কৌশল প্ৰকল্পটো ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক ক’ৰিডৰ (IMEC)ৰ সৈতে অতি ভালদৰে মিলি যায় যিয়ে ইউৰেছিয়ান সংযোগক পুনৰ গঢ় দিব ।

আষ্টুটোৱে লগতে কয়, ‘‘মই ভাবো যে, অংশীদাৰসকলৰ মাজত সহযোগিতাক অধিক সুনিৰ্দিষ্ট কৰি তোলাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান । ইউৰোপীয় ইউনিয়নৰ গ্ল’বেল গেটৱেৰ অৰ্থ হৈছে মানুহ আৰু গ্ৰহটোৰ বাবে কাম কৰা বহনক্ষম আৰু বিশ্বাসযোগ্য সংযোগ । জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ব্যৱস্থাৰ উন্নতি আৰু বিশ্ব যোগান শৃংখলৰ প্ৰতিযোগিতামূলক ক্ষমতা আৰু নিৰাপত্তা বৃদ্ধি কৰালৈকে ই আটাইতকৈ জৰুৰী বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহায় কৰে ।

নতুন অৰ্থনৈতিক কৰিডৰটো চীনৰ বেল্ট এণ্ড ৰোড (BRI) পদক্ষেপৰ প্ৰতি প্ৰত্যক্ষ প্ৰত্যাহ্বান নেকি সেই প্ৰশ্নৰ উত্তৰত ইউৰোপীয় ইউনিয়নৰ দূতগৰাকীয়ে কয় যে, “এয়া ইতিবাচক এজেণ্ডা থকা ইতিবাচক পদক্ষেপ ।"

ভাৰতত ইউৰোপীয় ইউনিয়নৰ দূত হিচাপে সেৱা আগবঢ়োৱা অভিজ্ঞতাৰ বিষয়ে সোধাত তেওঁ কয়, "ভাৰতত চাৰি বছৰ ধৰি ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে অতি ভাগ্যৰ কথা । ই এটা অতি গতিশীল বছৰ আৰু আমি আমাৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধি হোৱা দেখিছোঁ । উদাহৰণস্বৰূপে, 2021 চনত প’ৰ্টোত অনুষ্ঠিত ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলন ৷ যি অসাধাৰণ আছিল কাৰণ আমাৰ সকলো সদস্য ৰাষ্ট্ৰই ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু তাতেই আমি মুক্ত বাণিজ্য চুক্তি (FTA) আলোচনা পুনৰ আৰম্ভ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলো ।"

ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ মৰ্যাদাৰ প্ৰশ্ন সন্দৰ্ভত ভাৰতত ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে, "FTA ৰ পাঁচটা ৰাউণ্ড হৈছে আৰু ষষ্ঠ ৰাউণ্ড এতিয়াও অনুষ্ঠিত হোৱা নাই ।" তেওঁ লগতে কয় যে, ইউৰোপীয় আয়োগৰ মাজত এক অতি ইতিবাচক সম্পৰ্ক গঢ় লৈ উঠিছে ।" শেহতীয়াকৈ G 20 বৈঠকৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত কাৰ্যকৰী উপ-ৰাষ্ট্ৰপতি ভ্লাডিছ ডমব্ৰ’ভস্কিছ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালে অংশগ্ৰহণ কৰে ।

ভাৰত-ইউৰোপীয় ইউনিয়নৰ অংশীদাৰিত্ব অব্যাহত থকাৰ সময়ত তেওঁ কয়, "এয়া এক সফল অংশীদাৰিত্ব যি বৃদ্ধি পাইছে আৰু বৃদ্ধি পাই থাকিব । ভাৰত পঞ্চম বৃহত্তম অৰ্থনীতি আৰু ইউৰোপীয় ইউনিয়ন হৈছে সৰ্ববৃহৎ বাণিজ্যিক গোট ।"

লগতে পঢ়ক: Parliament special session : কি হ’ব সংসদৰ বিশেষ অধিৱেশনৰ কাম-কাজ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.