ETV Bharat / bharat

ইটিভিয়ে শিশুসকলৰ বাবে মুকলি কৰিলে 'ইটিভি বাল্য ভাৰত' - ramoji group

হায়দৰাবাদস্থিত ইটিভি নেটৱৰ্কে ইংৰাজীসহ ভাৰতৰ ১১ টা আঞ্চলিক ভাষাত শিশুসকলৰ মনোৰঞ্জনধৰ্মী চেনেল 'ইটিভি বাল্য ভাৰত' মুকলি কৰে । 'ইটিভি বাল্য ভাৰতে' শিশুসকলক মনোৰঞ্জন দিয়াৰ লগতে জিজ্ঞাসা পূৰণতো সহায় কৰিব ।

মুকলি ইটিভি বাল্য ভাৰত
মুকলি ইটিভি বাল্য ভাৰত
author img

By

Published : Apr 27, 2021, 12:41 PM IST

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল: হায়দৰাবাদস্থিত দেশৰ অগ্ৰণী চেটেলাইট টেলিভিচন নেটৱৰ্ক আৰু মনোৰঞ্জন ব্ৰেণ্ড ইটিভি ভাৰতে মুকলি কৰিলে ইয়াৰ নৱতম সংযোজন 'ইটিভি বাল্য ভাৰত' ৷ ইংৰাজীসহ দেশৰ ১১ টা আঞ্চলিক ভাষাত মুকলি কৰা হৈছে শিশুসকলৰ মনোৰঞ্জনধৰ্মী চেনেল 'ইটিভি বাল্য ভাৰত' । ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাওৱে মঙলবাৰে মুকলি কৰিলে এই চেনেলটো ।

শিশুসকলৰ বাবে বিশেষভাৱে মুকলি এই কাৰ্টুন চেনেল কেইটাই ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাক সামৰি ল'ব । অৰ্থাৎ ইংৰাজী ভাষাৰ উপৰিও অসমীয়া, বঙালী, গুজৰাটী, হিন্দী, কানাড়া, মাৰাঠী, মালায়ালম, ওড়িয়া, পাঞ্জাৱী, তেলেগু আৰু তামিল ভাষাত এই চেনেলটোৰ জৰিয়তে আমোদ লাভ কৰিব দৰ্শকসকলে ৷ যাদু বিশ্বাস কৰা আৰু মাতৃভাষাৰ কাহিনীবোৰে শিশুসকলক দূৰদৰ্শনৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিব বুলি আশা কৰা হৈছে ।

অনুসন্ধিৎসু মন আৰু হাঁহি-ধেমালিৰে ভৰা শৈশৱ কাল 'বাল্য ভাৰত'ৰ জৰিয়তে শৈশৱ উদযাপনৰ বাবে 'ইটিভি ভাৰতে' এই বিশেষ প্ৰচেষ্টা হাতত লৈছে । শিশুৰ সৈতে জড়িত বিভিন্ন সমল ইটিভি ভাৰতৰ 'বাল্য ভাৰতে' লৈ আহিছে ৷ ই শিশুসকলক অধিক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে ।

মুকলি ইটিভি বাল্য ভাৰত
ইটিভি বাল্য ভাৰত মুকলি

আকৰ্ষণীয় বৰ্ণনা আৰু আকৰ্ষণীয় চৰিত্ৰৰ সৈতে সমৰ্পিত টিভি চেনেলটোৱে দুঃসাহসিক, এক্সন আৰু কৌতুকৰ কাহিনীৰ জৰিয়তে শিশুক বিশেষভাৱে আকৰ্ষিত কৰিব পাৰিব বুলি আশা কৰা হৈছে ৷ চেনেলটোৱে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে দৰ্শকৰ পচন্দক গুৰুত্ব দিয়াৰ লগতে নিৰ্দিষ্ট অঞ্চলটোৰ আঞ্চলিক বিষয়বোৰক প্ৰাধান্য দিছে ৷ চেনেলটোৱে বিভিন্ন ৰহস্য, কল্পনা, চলচ্চিত্ৰ আদিৰ ওপৰতো গুৰুত্ব দিব । অভিমন্যুৰ দৰে আড়ম্বৰপূৰ্ণভাৱে কোৱা এনিমেচন শৃংখলাৰ জৰিয়তে শৈশৱ উদযাপন, শিশুসকলৰ কৌতুহলপূৰ্ণ মনোভাৱ আৰু কৌতুহল পূৰণ কৰিব পৰাকৈ 'ইটিভি বাল্য ভাৰত' মুকলি কৰা হৈছে ৷

লগতে পঢ়ক: ইটিভি নেটৱৰ্কৰ নৱতম সংযোজন ইটিভি বাল্য ভাৰত মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.