ETV Bharat / bharat

কৰ'ণাৰ বাবে বন্ধ শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ মূল দুৱাৰ

author img

By

Published : Apr 10, 2021, 7:01 PM IST

দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ মূল দুৱাৰ বন্ধ ৰাখি ভক্তসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । শুকুৰবাৰৰ সন্ধিয়াৰে পৰা ভক্তসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব ।

কৰ'ণাৰ বাবে বন্ধ শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ মূল দুৱাৰ
কৰ'ণাৰ বাবে বন্ধ শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ মূল দুৱাৰ

নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: দেশত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । তাৰ বাবে কোনো স্থানত ৰাজ্যৰ প্ৰশাসনসমূহে লক ডাউন, নৈশ সান্ধ্য আইন জাৰি কৰিছে । দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ মূল দুৱাৰ বন্ধ ৰাখি ভক্তসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । শুকুৰবাৰৰ সন্ধিয়াৰে পৰা ভক্তসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব । এনে পৰিস্থিতিত, সকলোৰে সুৰক্ষাৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈ মন্দিৰ কৰ্তৃপক্ষই জাৰি কৰে এই নিৰ্দেশ ।

মন্দিৰৰ বাহিৰতে ভক্তসকলে পূজা-পাঠ কৰিব পাৰিব । ইয়াৰোপৰি, মন্দিৰ কৰ্তৃপক্ষই পৰৱৰ্তী নিৰ্দেশ গ্ৰহণ নকৰা পৰ্যন্ত মঙ্গলা আৰতিৰ টিকট বিক্ৰীও নিষিদ্ধ কৰিছে । ইফালে, দশশ্বমেধ ঘাটত ভক্তসকলৰ নিয়মীয়া গংগা স্নান আৰু আৰতিও ক'ভিড নীতি-নিয়মেৰে পালন কৰিব লাগিব বুলি বাৰাণসীৰ জিলা দণ্ডাধীশে নিৰ্দেশ জাৰি কৰে ।

লগতে বৃহস্পতিবাৰৰ পৰা মাত্ৰ এজন পুৰোহিতে আৰতি সম্পন্ন কৰিছে । এই সময়ছোৱাত কোনো কাৰনতে দুজনক অনুমতি প্ৰদান কৰা নহ'ব বুলি উক্ত আদেশত উল্লেখ কৰে ।

লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.