ETV Bharat / bharat

ত্ৰিপুৰাত নিজৰ বাহনৰ ভিতৰত উদ্ধাৰ অভিযন্তাৰ মৃতদেহ - মৰণোত্তৰ পৰীক্ষা

আগৰতলাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অভিযন্তাৰ মৃতদেহ ৷ দুই বন্ধুৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল অভিযন্তাজন ৷ যাৰ পাচতে উদ্ধাৰ হয় মৃতদেহ ৷ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে ৷

Engineer found dead in his car, drug overdoses suspected
ত্ৰিপুৰাত নিজৰ বাহনৰ ভিতৰত উদ্ধাৰ অভিযন্তাৰ মৃতদেহ
author img

By

Published : Apr 18, 2021, 8:54 AM IST

আগৰতলা, 18 এপ্ৰিল : আগৰতলা চহৰত বৃহস্পতিবাৰে নিশা ৰহস্যজনক পৰিস্থিতিত এজন যুৱ অভিযন্তা মামুন দাসক তেওঁৰ নিজৰ বাহনত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । জানিব পৰা মতে, মামুন দাসৰ এজন বন্ধুৰ দ্বাৰা ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত, তেওঁৰ পৰিয়ালৰ সদস্যসকল বাহনখন ৰখাই থোৱা ঠাইলৈ যায় । আৰক্ষীৰ জনোৱা অনুসৰি, পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক তথাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মামুনক মৃত ঘোষণা কৰে ৷

এই ঘটনাৰ পাছতে সমগ্ৰ আগৰতলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবী কৰিছে ৷ "এয়া স্পষ্ট যে তেওঁক হত্যা কৰা হৈছে", মামুনৰ পৰিয়ালৰ এজন সদস্যই এনেদৰে কয় ।

পৰিয়ালৰ লোকৰ মতে, মৃত যুৱকজনক নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল আৰু তিনি মাহ পূৰ্বেই তেওঁক মুকলি কৰি দিয়া হৈছিল । পুনৰ্বাসৰ পৰা উভতি অহাৰ পিচত, তেওঁ সম্পূৰ্ণৰূপে সুস্থ আছিল আৰু কোনো ধৰণৰ নিচা কৰা নাছিল । বৃহস্পতিবাৰে নিশা যুৱকজনে দুই বন্ধুৰ সৈতে ওলাই গৈছিল আৰু নিশাৰ ভাগত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় ৷

ইফালে আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্যায়ত এয়া হত্যাকাণ্ড নে অন্য কিবা সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে চিকিৎসকে যুৱকজনে অত্যাধিক মাত্ৰাত ড্ৰাগছ সেৱন কৰাৰ বাবে মৃত্যুমুখত পৰা বুলি উল্লেখ কৰিছে ৷ এতিয়া ঘটনাৰ আঁৰৰ ৰহস্য মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: বিজেপি-চিপিআইএমৰ বিৰুদ্ধে কংগ্ৰেছকৰ্মীক আক্ৰমণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.