ETV Bharat / bharat

আগৰতলাৰ মুঠ সাতটাকৈ স্থানত ইডিৰ অভিযান - আগৰতলা

আগৰতলাৰ মুঠ সাতটাকৈ স্থানত ইডিয়ে অভিযান চলাই ৷ সীমান্তৱৰ্তী অঞ্চল সোনামুৰা আৰু বক্সোনগৰত হাৱালাৰ জৰিয়তে জালনোট প্ৰচলন কৰাৰ খবৰ লাভ কৰাৰ পিছতে বাৰজনকৈ বিষয়াই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ ইয়াৰ লগতে আন কেতবোৰ বিত্তীয় লেনদেনৰ তদন্ত কৰা বুলি প্ৰকাশ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷ বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ অধীনত এই তালাচী চলাই বুলি এক প্ৰেছ বিবৃতি যোগে ত্ৰিপুৰা আৰক্ষীয়ে প্ৰকাশ কৰে ৷

আগৰতলাৰ মুঠ সাতটাকৈ স্থানত প্ৰৱৰ্তন সঞ্চালক চোৰাংচোৱাৰ অভিযান

author img

By

Published : Apr 14, 2021, 10:29 AM IST

আগৰতলা, 14 এপ্ৰিল: ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ মুঠ সাতটাকৈ স্থানত ইডিয়ে অভিযান চলাই ৷ সীমান্তৱৰ্তী অঞ্চল সোনামুৰা আৰু বক্সোনগৰত হাৱালাৰ জৰিয়তে জালনোট প্ৰচলন কৰাৰ খবৰ লাভ কৰাৰ পিছতে বাৰজনকৈ বিষয়াই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ ইয়াৰ লগতে আন কেতবোৰ বিত্তীয় লেনদেনৰ তদন্ত কৰা বুলি প্ৰকাশ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷ বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ অধীনত এই তালাচী চলাই বুলি এক প্ৰেছ বিবৃতি যোগে ত্ৰিপুৰা আৰক্ষীয়ে প্ৰকাশ কৰে ৷

লগতে প্ৰকাশ কৰে যে,"অভিযানৰ সময়ত হাৱালাৰ এই লেনদেনত প্ৰায় 80 লাখ ভাৰতীয় টকা আৰু 30 লাখ বাংলাদেশী টকা জব্দ কৰাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে কিছু আপত্তিজনক পত্ৰও ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ এই বৃহৎ চক্ৰটোৰ বিৰুদ্ধে অভিযান চলোৱা বিষয়া সাদাৰ ৰমেশ যাদৱে কয়, ত্ৰিপুৰা আৰক্ষীয়ে সন্দেহজনক বিত্তীয় লেনদেনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ৷ বাৰজনকৈ বিষয়াই চলোৱা এই অভিযানত বহু তথ্য উদ্ধাৰ কৰা হৈছে ৷

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, ৰাজ্যখনত হুণ্ডি ৰেকেটৰ শক্তিশালী স্থিতি আছে। সোনামুৰাত, প্ৰৱৰ্তন সঞ্চালকালয়ৰ সাত জনীয়া দলে মঙলবাৰে সোনামুৰা উপ-বিভাগৰ দুটা স্থানত অভিযান চলাই কালামচৌৰা আৰক্ষী থানাৰ অন্তৰ্গত বক্সোনগৰৰ জাকিৰ হুছেইন আৰু সোনামুৰা আৰক্ষী থানাৰ অন্তৰ্গত দুৰ্গাপুৰ গাঁৱৰ গোপাল সাহাৰ ঘৰত অভিযান চলোৱা হয় ৷ তালাচীৰ সময়ত, দলটোৱে বাংলাদেশৰ মুদ্ৰাকে ধৰি কিছু নথি-পত্ৰ আৰু নগদ ধন জব্দ কৰা হৈছিল।

লগতে পঢ়ক: ত্ৰিপুৰাত চিপিআইএমৰ দলীয় কাৰ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.