ETV Bharat / bharat

উত্তৰ কাশ্মীৰৰ বন্দীপোৰাত এনকাউণ্টাৰ - জম্মু কাশ্মীৰ

জম্মু আৰু কাশ্মীৰৰ বন্দীপোৰা জিলাৰ ৱাটনিৰা অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত অব্যাহত সংঘৰ্ষ ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে এই কথা ৷

উত্তৰ কাশ্মীৰৰ বন্দীপোৰাত এনকাউণ্টাৰ
উত্তৰ কাশ্মীৰৰ বন্দীপোৰাত এনকাউণ্টাৰ
author img

By

Published : Sep 26, 2021, 11:50 AM IST

নেশ্যনেল ডেস্ক, 26 ছেপ্তেম্বৰ: জম্মু-কাশ্মীৰৰ বন্দীপোৰা জিলাৰ ৱাটনিৰা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত অব্যাহত আছে সংঘৰ্ষ ৷ কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে এই কথা শ্বেয়াৰ কৰিছে । দেওবাৰে পুৱতি নিশাৰ পৰা আৰম্ভ হৈছে এই এনকাউন্টাৰ ।

উত্তৰ কাশ্মীৰৰ বন্দীপোৰাত এনকাউণ্টাৰ
উত্তৰ কাশ্মীৰৰ বন্দীপোৰাত এনকাউণ্টাৰ

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৱাটনিৰা অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত অনুসন্ধান অভিযান আৰম্ভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে । আৰক্ষী আৰু সেনাৰ এক যুটীয়া দলে সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা স্থানত উপস্থিত হোৱাৰ পিছতে সন্ত্ৰাসবাদীসকলে সৈনিকসকলৰ ওপৰত গুলীচালনা কৰা আৰম্ভ কৰে ৷

ইয়াৰ পূৰ্বে জুলাই মাহত বন্দীপোৰাৰ চুম্বলাৰ অঞ্চলৰ শোকবাবা বনাঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষত দুজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে এজন সৈনিক আহত হৈছিল ।

লগতে চাওক: ৰামোজী ফিল্ম চিটিলৈ তেলেংগানা চৰকাৰৰ ৰাজ্যিক পৰ্যটন বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.