ETV Bharat / bharat

Rajouri encounter : ৰাজৌৰীৰ বাৰিয়ামাত সেনাৰ অভিযান, ১ টা সন্ত্ৰাসবাদী নিহত - Encounter in Rajouri

জম্মু-কাশ্মীৰৰ বাৰিয়ামা অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষত পেৰা কমাণ্ডো বাহিনীয়ে যোগদান । এটা সন্ত্ৰাসবাদীক নিহত । ৰাজৌৰীৰ গুন্ধা-খাৱাছ গাঁৱত দ্বিতীয় দিনাও সংঘৰ্ষ অব্যাহত ।

Rajouri encounter
ৰাজৌৰীৰ বাৰিয়ামাত সেনাৰ অভিযান
author img

By

Published : Aug 6, 2023, 10:55 AM IST

নেশ্যনেল ডেস্ক, ৬ আগষ্ট : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । দেওবাৰে পুৱা জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বাৰিয়ামা অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । সূত্ৰৰ মতে এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছে । ভাৰতীয় সেনাৰ পেৰা কমাণ্ডোৰ দল এই এনকাউণ্টাৰত জড়িত হৈ আছে । ইফালে ভাৰতীয় সেনাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে ।

ইফালে, জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এখন গাঁৱত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সোমবাৰৰ পৰাই সংঘৰ্ষ চলি আছে । দেওবাৰেও এই সংঘৰ্ষ অব্যাহত আছে । যাৰ বাবে আৰক্ষীয়ে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লোকসকলক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত অঞ্চলৰ পৰা দুই কিলোমিটাৰ দূৰত্বত থাকিবলৈ পৰামৰ্শ দিছে । আনহাতে বুধল অঞ্চলৰ গুন্ধা-খাৱাছ গাঁৱত আৰক্ষী আৰু সেনাই আৰম্ভ কৰা এক তালাচী অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰাৰম্ভিক গুলীবৰ্ষণত শনিবাৰে এটা অচিনাক্ত সন্ত্ৰাসবাদী নিহত হৈছিল ।

এজন আৰক্ষী বিষয়াই তেওঁৰ অন্তিম প্ৰতিবেদনত কয় যে, দুয়োপক্ষৰ মাজত গুলীয়াগুলি চলি আছে । নিৰাপত্তা বাহিনীৰ শক্তিশালী পদক্ষেপে সন্ত্ৰাসবাদীসকলক নিষ্ক্ৰিয় কৰি তুলিছে । পলায়নৰো সকলো পথ বন্ধ কৰি দিয়া হৈছে । তেওঁ আৰু কয় যে আৰক্ষীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ গতি বিধিৰ বিষয়ে তথ্য পোৱাৰ পাছত তালাচী অভিযান আৰম্ভ কৰা হৈছে ।

প্ৰথমে আৰক্ষীৰ এটা সৰু দলে অভিযান আৰম্ভ কৰে আৰু পাছত সেনা আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) দলে তাত যোগদান কৰে । বিষয়াজনে কোৱা মতে নিহত সন্ত্ৰাসবাদীজনৰ মৃতদেহ এতিয়াও এনকাউণ্টাৰৰ স্থানৰ পৰা উদ্ধাৰ কৰা হোৱা নাই । অঞ্চলটোত কেইবাজনো সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে । ৰাজৌৰীৰ আৰক্ষীয়ে দেওবাৰে এক পৰামৰ্শ জাৰি কৰি যিকোনো হতাহত পৰিহাৰ কৰিবলৈ লোকসকলক এনকাউণ্টাৰ স্থানৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক :Odisha Police Station set on fire: ওড়িশাৰ আৰক্ষী থানাত অগ্নি সংযোগ উত্তেজিত ৰাইজৰ; গাঞ্জা সৰবৰাহত আৰক্ষী জড়িত থকাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.