ETV Bharat / bharat

New uniform for employees: পদুম ফুলৰ ডিজাইনত তৈয়াৰ নতুন সংসদ ভৱনৰ কৰ্মচাৰীৰ পোচাক - সংসদ ভৱনৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ সাজ পোছাক

নতুন সংসদ ভৱনৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ সাজ-পোছাক সলনি ৷ বৰ্তমানৰ ‘বন্ধগালা’ চুটৰ ঠাইত মেজেন্টা ৰঙৰ নেহৰু জেকেটত তৈয়াৰ কৰা হৈছে ৷ কৰ্মচাৰীসকলে পদুম ফুলৰ ডিজাইন আৰু খাকী ট্ৰাউজাৰৰ সৈতে গাঢ় গোলাপী ৰঙৰ চাৰ্ট পিন্ধিব । মাৰ্শ্বালে পদুম ফুলৰ ডিজাইনৰ গাঢ় গোলাপী ৰঙৰ চাৰ্ট আৰু খাকী ট্ৰাউজাৰৰ লগতে মণিপুৰী পাগুৰি পৰিধান কৰিব । চৰকাৰে কৰ্মচাৰীসকলক কমাণ্ডো প্ৰশিক্ষণো প্ৰদান কৰিছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক অনামিকা ৰত্নাৰ প্ৰতিবেদন ।

New uniform for employees
পদুম ফুলৰ ডিজাইনত তৈয়াৰ নতুন সংসদ ভৱনৰ কৰ্মচাৰীৰ পোচাক
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:29 PM IST

নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ : অহা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনত নতুন ৰূপ লাভ কৰিব নতুন সংসদ ভৱনে ৷ কাৰণ এই অধিবেশনত সংসদৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীয়ে নতুন ইউনিফৰ্ম পৰিধান কৰিব । সাজ-পোছাক সলনি কৰাৰ লগতে চৰকাৰে কৰ্মচাৰীসকলক কমাণ্ডো প্ৰশিক্ষণ দি তেওঁলোকৰ আচৰণৰো পৰিৱৰ্তন আনিছে ।

নতুন সংসদ ভৱনৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী নতুন ইউনিফৰ্মৰ ডিজাইন কৰিছে নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিয়ে (NIFT) । বৰ্তমানৰ ‘বন্ধগালা’ চুটৰ ঠাইত মেজেন্টা ৰঙৰ নেহৰু জেকেট লগোৱা হৈছে । কৰ্মচাৰীসকলে পদুম ফুলৰ ডিজাইন আৰু খাকী ট্ৰাউজাৰৰ সৈতে গাঢ় গোলাপী ৰঙৰ চাৰ্ট পিন্ধিব । অধ্যক্ষৰ সন্মুখত বহি থকা কৰ্মচাৰীসকলেও একে সাজ-পোছাক পৰিধান কৰিব ।

লগতে ৰাজ্যসভা আৰু লোকসভা উভয়ৰে মাৰ্শ্বালৰ ইউনিফৰ্ম সলনি কৰা হৈছে । পদুম ফুলৰ ডিজাইনৰ গাঢ় গোলাপী ৰঙৰ চাৰ্ট আৰু খাকী ট্ৰাউজাৰৰ লগতে মাৰ্শ্বালসকলে পিন্ধিব মণিপুৰী পাগুৰি । নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ বৰ্তমানৰ চুটৰ ঠাইত সেনাবাহিনীৰ দৰে পোচাক পৰিধান কৰিব ।

বিৰোধী দলৰ বহু নেতাই নতুন ইউনিফৰ্মক লৈ আপত্তি কৰিছে । কংগ্ৰেছ নেতা ৰাশ্বিদ কিডৱাইয়ে অভিযোগ কৰে যে চৰকাৰৰ কিছু এজেণ্ডা আছে যাৰবাবে ইউনিফৰ্ম সলনি কৰা হৈছে । "যদি পৰিৱৰ্তন হ'ব লাগে তেন্তে পদুম ফুলৰ ডিজাইন কিয়? বিজেপি চৰকাৰে সমগ্ৰ দেশক কেশৰলৈ পৰিণত কৰিব বিচাৰে নেকি?" কিদৱাইয়ে কয় ।

আৰজেডি নেতা মনোজ ঝাই একে মন্তব্য কৰি গণতন্ত্ৰৰ প্ৰতিনিধি বুলি গণ্য কৰা সংসদক কেন্দ্ৰই কেশৰীকৰণ আৰু এজেণ্ডা ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ লগতে কয় যে চৰকাৰে কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীসকলক তেওঁলোকৰ দলৰ পোছাক পিন্ধাবলৈ চেষ্টা কৰিছে ৷ ইফালে চৰকাৰে কৰ্মচাৰীসকলৰ কমাণ্ডো প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকক তেওঁলোকৰ আচৰণ আৰু ব্যৱহাৰৰ প্ৰতি সতৰ্ক হ’বলৈ নিৰ্দেশ দিয়ে ৷ তেওঁলোকক লগতে নতুন সংসদ ভৱনৰ প্ৰতিটো কোণৰ সৈতে সম্পূৰ্ণ পৰিচিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।

সূত্ৰ অনুসৰি, ১৯ ছেপ্টেম্বৰত গণেশ চতুৰ্থী উপলক্ষে আয়োজিত পূজাৰ পাচত নতুন সংসদ ভৱনত আনুষ্ঠানিক প্ৰৱেশ কৰা হ’ব । ইফালে ১৮ ছেপ্টেম্বৰত আহ্বান কৰা বিশেষ অধিৱেশনখন পুৰণি সংসদ ভৱনতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: RJD Twit on Sengol : ছেংগোল বিতৰ্কত নতুন ইন্ধন আৰজেডিৰ; হিন্দী ছবিৰ লাঠিৰ ফটোৰে তুলনা কৰি টুইট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.