ETV Bharat / bharat

Telanga Election notification : তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা প্ৰকাশ

নিৰ্বাচন আয়োগৰ অধিসূচনা অনুসৰি তেলেংগানাত ভোটগ্ৰহণ ৩০ নৱেম্বৰত অনুষ্ঠিত হ'ব । মনোনয়ন ১০ নৱেম্বৰলৈ গ্ৰহণ কৰা হ'ব । মনোনয়ন পৰীক্ষা ১৩ নৱেম্বৰত হ'ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ ।

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 2:43 PM IST

Telanga Election notification
তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা প্ৰকাশ

নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ : অহা ৩০ নৱেম্বৰত তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে তেলেংগানা বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে । অধিসূচনা অনুসৰি মনোনয়ন দাখিল আজিৰে পৰা আৰম্ভ হ'ব আৰু ১০ নৱেম্বৰত সমাপ্ত হ'ব । এই অধিসূচনাটো তেলেংগানা গেজেটত প্ৰকাশিত হৈছে । প্ৰাৰ্থীসকলে দাখিল কৰা মনোনয়নৰ পৰীক্ষা ১৩ নৱেম্বৰত কৰা হ'ব । নিৰ্বাচনৰ সময়সূচী অনুসৰি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ১৫ নৱেম্বৰ ।

ইফালে শাসনাধিষ্ঠিত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে (বিআৰএছ) কংগ্ৰেছ দলৰ পৰা কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে এই নিৰ্বাচন অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে আনহাতে ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) ক্ষমতা দখলৰ বাবে সকলো ফালৰ পৰা চেষ্টা চলাইছে । আনহাতে, তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু ৱাইএছআৰ তেলেংগানা পাৰ্টি (ৱাইএছআৰটিপি)য়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ।

নিৰ্বাচনী অধিসূচনা অনুসৰি, মনোনয়ন দাখিল কৰাৰ সময়ত প্ৰাৰ্থীৰ কনভয়ত ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ ১০০ মিটাৰ পৰিধিৰ ভিতৰত মাত্ৰ ৩ খন বাহনক অনুমতি দিয়া হৈছে । আনহাতে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসহ মাত্ৰ ৫ গৰাকী ব্যক্তিক ৰিটাৰ্ণিং বিষয়াৰ কোঠাৰ ভিতৰত যোৱাৰ অনুমতি দিয়া হয় ।

প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ, সম্পত্তি, দায়বদ্ধতা আৰু শিক্ষাৰ অৰ্হতাৰ বিষয়ে তথ্য ঘোষণা কৰি প্ৰপত্ৰ-২৬ত এখন শপতনামা দাখিল কৰিব লাগিব । ইফালে ৩০ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । আনহাতে দেশৰ আন ৪ খন ৰাজ্য ক্ৰমে ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মিজোৰামৰ সৈতে একেদিনাই অৰ্থাৎ ৩ ডিচেম্বৰত ভোটগণনা কৰা হ'ব ।

লগতে পঢ়ক :Telangana Assembly Election Notification : আজি প্ৰকাশ পাব তেলেংগানাৰ নিৰ্বাচনৰ অধিসূচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.