ETV Bharat / bharat

Rarest of rare : ৰাঁচীত 21 দিনীয়া নৱজাতকৰ পেটত আঠটা ভ্ৰূণ !

চিকিৎসা বিজ্ঞানৰ ইতিহাসৰ আটাইতকৈ বিৰল ঘটনা ৷ অস্ত্ৰোপচাৰৰ সময়ত শিশুটোৰ পেটৰ পৰা আঁতৰোৱা হয় আঠটা অবিকশিত ভ্ৰূণ ৷ একেলগে এনেদৰে আঠটা অবিকশিত ভ্ৰূণ আঁতৰ কৰোৱা এই ঘটনাটো সম্ভৱত পৃথিৱীৰ প্ৰথমটো ঘটনা (8 fetuses removed from stomach of 21 days girl) ।

author img

By

Published : Nov 3, 2022, 9:27 PM IST

Ranchi
Ranchi

নিউজ ডেস্ক, ৩ নৱেম্বৰ : চিকিৎসা বিজ্ঞানৰ অস্বাভাৱিকতাৰ ইতিহাসত আটাইতকৈ বিৰল ঘটনা (rarest of rare medical abnormalities in Ranchi) ৷ ৰাঁচীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বুধবাৰে এগৰাকী 21 দিনীয়া নৱজাতক কন্যাৰ পেটৰ পৰা আঠটাকৈ ভ্ৰূণ আঁতৰোৱা হয় (8 fetuses removed from stomach of 21 days girl) । ৰামগড়ত ১০ অক্টোবৰত জন্মগ্ৰহণ কৰা নৱজাতক কন্যাজনীক পেটৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

প্ৰথমতে চিকিৎসকসকলে টিউমাৰৰ সন্দেহ কৰাৰ পিছত নৱজাতকটোৰ এটা চিটি স্কেন (CT scan) কৰা হয় । কিন্তু উক্ত পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে আশ্চৰ্যজনক ঘটনাটো । তাত নৱজাতকটোৰ পেটত আঠটাকৈ ভ্ৰূণৰ সন্ধান পোৱা যায় (eight fetuses in newborn baby girl stomach) । নৱজাতকটো ১ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ অধীনত অস্ত্ৰোপচাৰ কৰা হৈছিল । উক্ত ঘটনাটো 'Fetus-in-fetu' (FIF) হিচাপে চিনাক্ত কৰা হৈছে । ই হৈছে এক বিৰল ঘটনা য'ত এটা বিকৃত মেৰুদণ্ডী ভ্ৰূণ ইয়াৰ যমজ সন্তানৰ শৰীৰৰ ভিতৰত আবদ্ধ হৈ থাকে ।

শিশু ৰোগ বিশেষজ্ঞ (Paediatrician) ডাঃ ৰাজেশ কুমাৰে এই সন্দৰ্ভত কয়, "চিটি স্কেনৰ সময়ত দেখা গৈছিল যে কন্যাশিশুটিৰ পেটত টিউমাৰ আছিল । কিন্তু যেতিয়া অস্ত্ৰোপচাৰ কৰা হয় তেতিয়া তেওঁৰ পেটৰ পৰা আঠটা অবিকশিত ভ্ৰূণ আঁতৰ কৰা হয় । একেলগে এনেদৰে আঠটা অবিকশিত ভ্ৰূণ আঁতৰ কৰোৱা এই ঘটনাটো সম্ভৱত পৃথিৱীৰ প্ৰথমটো ঘটনা হ'ব ।"

তেওঁ লগতে কয়, "বিশ্বজুৰি Fetus-in-fetu-ৰ 100-ৰো কম ঘটনা পোৱা গৈছে । অৱশ্যে সেইবোৰত কেৱল পাকস্থলীৰ পৰা এটা ভ্ৰূণ আঁতৰ কৰা হৈছে । কিন্তু 21 দিনীয়া নৱজাতক কন্যা এটিৰ পেটৰ পৰা আঠটা ভ্ৰূণ আঁতৰ কৰাটো এক আচৰিত ঘটনা ।"

আনহাতে, শিশু শৈল্য চিকিৎসক (Pediatric surgeon) ডাঃ মহম্মদ ইমৰানে কয়, "কন্যাশিশুটিৰ পৰিয়ালে টিউমাৰৰ অভিযোগ লৈ চিকিৎসালয়লৈ আহিছিল । শিশুটিক চিকিৎসকৰ তত্ত্বাৱধানত ৰাখি ২১ দিনৰ পিছত অপাৰেচনটো কৰা হৈছিল । আমি এতিয়া এইটো গৱেষণা কৰিম যাতে বিশ্বই জানিব পাৰে যে ঝাৰখণ্ডতো এনে ধৰণৰ ঘটনাৰ সমাধান কৰিব পৰা যায় ।

উল্লেখ্য, উক্ত অস্ত্ৰোপচাৰটোত ডেৰ ঘণ্টা সময় লাগে আৰু অস্ত্ৰোপচাৰটো চলে শিশু শৈল্য চিকিৎসক ডঃ মহম্মদ ইমৰানৰ নেতৃত্বত । চিকিৎসকৰ দলটোত এনাষ্টেটিষ্ট ডাঃ বিকাশ গুপ্তা, ডিএনবিৰ ছাত্ৰ ডাঃ উদয় । আনহাতে, নৱজাতক কন্যাটিৰ জীৱন ৰক্ষা কৰাত নাৰ্ছসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

লগতে পঢ়ক :Vigilance Awareness Week : প্ৰধানমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণৰ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.