ETV Bharat / bharat

Land for Job Scam: বিপদত লালু প্ৰসাদ যাদৱৰ পৰিয়াল; কেলেংকাৰী সকলো তথ্য লাভ কৰিছে ইডিয়ে

বিপদত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়াল ৷ লালু প্ৰসাদ যাদৱৰ বিভিন্ন স্থানত আত্মীয় গৃহত অভিযান চলাই EDয়ে শনিবাৰে জব্দ কৰে বৃহৎ পৰিমাণৰ ধনৰাশি ৷ শনিবাৰে দেশৰ 24 টা স্থানত EDয়ে চলাইছিল অভিযান (Land for Job scam) ৷

Etv Bharat
Etv Bharat
author img

By

Published : Mar 11, 2023, 9:56 PM IST

নেশ্যনেল ডেস্ক, 11 মাৰ্চ: ক্ষীপ্ৰতাৰে চলিছে বিহাৰৰ চাকৰিৰ বাবদ ভূমি কেলেংকাৰীৰ তদন্ত (Land for Job scam) ৷ এই কেলেংকাৰী উদযাটনৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI আৰু প্ৰৱৰ্তন সঞ্চালকালয়ে(ED)য়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ এফালে চিবিআইয়ে কেলেংকাৰীৰ তদন্ত কৰি প্ৰতিবেদন মজবুত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বিপৰীতে ইডিয়ে লালুপ্ৰসাদ যাদৱৰ সম্পত্তিৰ সবিশেষ সংগ্ৰহ কৰি আছে । শুকুৰবাৰে এই কেলেংকাৰীৰ সন্দৰ্ভত ইডিয়ে দেশৰ 24 টা স্থানত 12 ঘণ্টাৰো অধিক সময় অভিযান চলাইছিল । এই অভিযানত লাখ লাখ টকা উদ্ধাৰ কৰাৰ লগতে গহনাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

পোহৰলৈ আহিছে 600 কেলেংকাৰীৰ তথ্য: প্ৰৱৰ্তন সঞ্চালকালয়ে প্ৰকাশ কৰা মতে লাহে লাহে স্পষ্ট হৈছে Land for Job কেলেংকাৰীৰ সকলো তথ্য ৷ জানিব পৰা মতে, তদন্তত লালু প্ৰসাদ যাদৱৰ পৰিয়াল আৰু সহযোগীসকলে বিভিন্ন স্থানত ৰিয়েল ষ্টেটকে ধৰি বিভিন্ন ক্ষেত্ৰত সেই ধন বিনিয়োগ কৰিছে ৷ নগদ 1 কোটি টকাৰ লগতে 1900 মাৰ্কিন ডলাৰ জব্দ কৰা হৈছে লালু প্ৰসাদ যাদৱৰ আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ ঘৰৰ পৰা ৷

ইয়াৰ উপৰিও 540 গ্ৰাম সোণৰ বিস্কুট, ডেৰ কিলো ওজনৰ সোণৰ অলংকাৰো জব্দ কৰা হৈছে ৷ এই কথা নিশ্চিত কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ৰ তদন্তকাৰী বিষয়াই । টুইটযোগে এই কথা সদৰী কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে (Lalu Prasad Yadav case) ৷

  • ED conducted searches at 24 locations in the Railways Land for Job Scam, resulting in recovery of unaccounted cash of Rs 1 Crore, foreign currency including US$ 1900, 540 gms gold bullion and more than 1.5 kg of gold jewellery.

    — ED (@dir_ed) March 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দেশৰ 24 টা স্থানত অভিযান: উল্লেখ্য যে, ED য়ে বৃহস্পতিবাৰে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱীক লেণ্ড ফৰ জব কেলেংকাৰীৰ গোচৰত জেৰা কৰিছিল ৷ শুকুৰবাৰে দিল্লীত ED ৰ দলটোৱে লালু প্ৰসাদ যাদৱক সোধা-পোছা কৰে ৷ দুয়োকে জেৰা কৰাৰ অন্তত ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে EDয়ে । পাটনা, দিল্লী, মুম্বাই, ৰাঁচীকে ধৰি দেশৰ 24 টা স্থানত শনিবাৰে অভিযান চলাই EDয়ে । এই অভিযানতে বৃহৎ পৰিমাণৰ ধনৰাশী আৰু গহনা জব্দ কৰা হয় (ED raid in Delhi)৷

লগতে পঢ়ক: CBI summons Tejashwi Yadav : তেজস্বীৰ বিৰুদ্ধে চিবিআইৰ চমন, নীতিশৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.