ETV Bharat / bharat

নিৰ্বাচনমুখী পাঁচ ৰাজ্যলৈ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ জাৰি

author img

By

Published : Dec 20, 2020, 9:59 AM IST

নিৰ্বাচনমুখী পাঁচ ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়ালৈ ভাৰতৰ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ ৷ নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ বদলি তথা নিয়োগ সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ পৰামৰ্শ ৷ নিজ গৃহ জিলা বা দীৰ্ঘদিন সেৱা আগবঢ়োৱা ঠাইত নিয়োগ কৰা নহয় বিষয়া কৰ্মচাৰীক ৷

ECI sends transfer advisory to CSs and CEOs of 5 poll-bound state
নিৰ্বাচনমুখী পাঁচ ৰাজ্যলৈ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ জাৰি

নেচনেল ডেস্ক,20 ডিচেম্বৰ: নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া সকলক বদলি আৰু নিয়োগৰ সন্দৰ্ভত নিৰ্বাচনমুখী পাঁচখন ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াসকললৈ ভাৰতৰ নিৰ্বাচনী আয়োগে এক পৰামৰ্শ প্ৰেৰণ কৰিছে ৷ এই পাঁচ ৰাজ্য হ'ল অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, উড়িশা, পশ্চিম বংগ আৰু চিকিম ৷

18 ডিচেম্বৰৰ এই পৰামৰ্শত কোৱা হৈছে যে ধাৰাবহিক নীতি অনুসৰণ কৰি নিৰ্বাচনী আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া কৰ্মী সকলক নিজৰ গৃহ জিলাত নিয়োগ কৰা নহয় ৷ উক্ত পৰামৰ্শত এইবুলিও কোৱা হৈছে যে স্বতন্ত্ৰ আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে নিৰ্বাচনী আয়োগে এক ধাৰাবাহিক নীতি মানি চলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেই অনুসৰি কোনো নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰীক তেওঁলোকৰ গৃহজিলাত তথা তেওঁলোকে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা কোনো ঠাইতে নিয়োগ কৰা নহয় ৷

নিৰ্বাচনী আয়োগে উক্ত পৰামৰ্শ সময়ত আৰু কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ দিছে আৰু এই সন্দৰ্ভত বিষয়াবৰ্গৰ স্বীকৃতি বিচাৰিছে ৷ নিৰ্বাচনমুখী এই পাঁচ ৰাজ্যৰ ম্যাদ 2021 ৰ মে বা জুন মাহত শেষ হ'ব ৷

লগতে পঢ়ক:অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান সুভেন্দু অধিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.