ETV Bharat / bharat

ডিএমকে নেতা এ ৰাজাক নিষিদ্ধ ঘোষণা নিৰ্বাচন আয়োগৰ - EC on DMK Leader A. Raja

বৃহস্পতিবাৰে ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচন আয়োগে নিষিদ্ধ কৰে দ্ৰাবিড় মুনেত্ৰা কাঝাগাম দলৰ(ডিএমকে) নেতা এ ৰাজাক । তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালানীস্বামী আৰু তেওঁৰ মাতৃ সন্দৰ্ভত অপমানজনক মন্তব্য কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত নেতাগৰাকীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰে নিৰ্বাচন আয়োগে ।

ডিএমকে নেতা এ ৰাজাক নিষিদ্ধ ঘোষণা নিৰ্বাচন আয়োগৰ

author img

By

Published : Apr 1, 2021, 8:39 PM IST

নেশ্যনেল ডেস্ক,১ এপ্ৰিল: তামিলনাডুত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । ৪ এপ্ৰিলৰ সন্ধিয়া সমাপ্ত হ'ব নিৰ্বাচনী প্ৰচাৰ । ৰাজ্যখনত প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ।

কিন্তু ইয়াৰ মাজতে বৃহস্পতিবাৰে ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচন আয়োগে নিষিদ্ধ কৰে দ্ৰাবিড় মুনেত্ৰা কাঝাগাম দলৰ(ডিএমকে) নেতা এ ৰাজাক । তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালানীস্বামী আৰু তেওঁৰ মাতৃ সন্দৰ্ভত অপমানজনক মন্তব্য কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত নেতাগৰাকীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰে নিৰ্বাচন আয়োগে ।

নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বাবে ডিএমকেৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাৰ পৰাও তেওঁৰ নাম কৰ্তন কৰে নিৰ্বাচন আয়োগে । নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশনা অনুসৰি এ ৰাজাক সতৰ্ক হ'বলৈ আহ্বান জনাই আৰু নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভৱিষ্য়তে উত্তেজনামূলক মন্তব্য, অশ্লীল মন্তব্য নকৰিবলৈ আৰু নাৰীৰ মৰ্যাদা হানি হ'ব পৰা মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক:সাধাৰণ জনতাৰ বাবে মুকলি দিল্লী-মীৰাট এক্সপ্ৰেছৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.