ETV Bharat / bharat

EC notice to Priyanka Gandhi: নৰেন্দ্ৰ মোদী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে প্ৰিয়ংকা গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী

বিজেপিয়ে দাখিল কৰা গোচৰৰ ভিত্তি দেশৰ নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে প্ৰিয়ংকা গান্ধীক ৷ নৰেন্দ্ৰ মোদী সন্দৰ্ভত কৰা এক মন্তব্যৰ বাবে প্ৰিয়ংকাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি ৷

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 10:03 PM IST

EC notice to Priyanka Gandhi
EC notice to Priyanka Gandhi

নিউজ ডেস্ক, 26 অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্দিৰ ভ্ৰমণৰ সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই “এনভেলপ” বুলি কৰা মন্তব্যক লৈ বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ৷ প’ল পেনেলে ৩০ অক্টোবৰৰ সন্ধিয়াৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ কয় প্ৰিয়ংকাক৷ বিজেপিয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ এদিন পিছতে ইচিয়ে এই ব্যৱস্থা গ্ৰহণ কৰে ৷

বিজেপিয়ে ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰিয়ংকা গান্ধীয়ে “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ধৰ্মীয় ভক্তি আমন্ত্ৰণ” সন্দৰ্ভত মিছা দাবী উত্থাপন কৰাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনায় ৷

বিজেপিয়ে দাখিল কৰা তথ্যত উল্লেখ কৰা মতে, প্ৰিয়ংকা গান্ধীয়ে ২০ অক্টোবৰত দৌছাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত কয় যে তেওঁ টিভিত দেখিছিল যেতিয়া মোদীয়ে মন্দিৰত দিয়া অনুদানৰ খাম এটা খুলিছিল তেতিয়া তাত মাত্ৰ ২১ টকাহে আছিল ৷ প্ৰিয়ংকাই খবৰটো দেখিছে আৰু সেয়া সঁচা নে মিছা সেই বিষয়ে অৱগত নহয় বুলি বিজেপিৰ অভিযোগত পঢ়িবলৈ পোৱা গৈছে ৷

ইয়াৰ পিছতে বিজেপিৰ ওপৰত ৰাজনৈতিক আক্ৰমণ চলাই প্ৰিয়ংকাই কয় যে "এনভেলপ" দলটোৱে জনসাধাৰণক দেখুৱায় কিন্তু নিৰ্বাচনৰ পিছত তাত একো পোৱা নাযায় ৷ বিজেপিয়ে অভিযোগত তেওঁৰ মন্তব্যৰ ভিডিঅ’ সন্নিবিষ্ট কৰে ৷

ইফালে ১৮ অক্টোবৰত ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া "সাম্প্ৰদায়িক মন্তব্য"ৰ বাবে নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ৷ সেই সভাত তেওঁ "আকবৰ" শব্দটো ব্যৱহাৰ কৰিছিল, যিটো পৰৱৰ্তী সময়ত কংগ্ৰেছে সমালোচনা কৰে । প’ল পেনেলে অসমৰ মুখ্যমন্ত্ৰীজনকো ৩০ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: Show cause notice on Assam CM: হিমন্ত বিশ্ব শৰ্মালৈ দেশৰ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.