নিউজ ডেস্ক, 11 নৱেম্বৰ : বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ খেলিমেলিৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে মন্তব্য প্ৰকাশ কৰি সকলো অভিযোগ নৎসাত কৰে ৷ আয়োগে কয় যে, নিৰ্বাচন আয়োগ কোনো হেঁচাত নাই আৰু কৰ‘ণা মহামাৰীৰ বাবে ফলাফল পলমকৈ অহাটো স্বাভাৱিক ৷
উল্লেখ্য যে, আৰ, জে.ডিয়ে টুইটযোগে নিৰ্বাচনৰ ফলাফল ঘোষণাত বেমেজালি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷
ইপিনে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে আৰ.জে.ডি দলৰ অভিযোগ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি যে, বিপক্ষই নিজৰ পৰাজয় স্বীকাৰ কৰক, যেনেদৰে আমি আমাৰ জয়ক সন্মান কৰিছো; এয়াই লোকতন্ত্ৰৰ বৈশিষ্ট ৷
লগতে পঢ়ক : বিহাৰ নিৰ্বাচনৰ ফলাফলঃ টুইট যোগে ৰাইজক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ