ETV Bharat / bharat

Remote EVM Coming Soon: দেশৰ যিকোনো স্থানৰ পৰাই দিব পাৰিব ভোট - দেশৰ যিকোনো স্থানৰ পৰায়ে দিব পাৰিব ভোট

ভাৰতীয় নিৰ্বাচন আয়োগে ৰিম'ট ভোটদানৰ ওপৰত এক ধাৰণা প্ৰস্তুত কৰিছে । ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আইনী আৰু প্ৰশাসনিক প্ৰত্যাহ্বানৰ ওপৰত দলবোৰৰ মতামত বিচাৰিছে । প্ৰটোটাইপটোৱে এটা বুথৰ পৰা ৭২ টা সমষ্টিলৈকে সংযোগ কৰিব পাৰে (Election Commission concept on remote voting) ।

EC
EC
author img

By

Published : Dec 29, 2022, 4:47 PM IST

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা লোকসকলৰ বাবে এক সুখবৰ । এতিয়াৰে পৰা আৰু ভোট দিবলৈ নিজৰ সমষ্টিলৈ আহিব নালাগে । দেশৰ যিকোনো স্থানৰ পৰাই দিব পাৰিব আপোনাৰ সমষ্টিৰ পছন্দৰ প্ৰাৰ্থীক ভোট । ভাৰতীয় নিৰ্বাচন আয়োগে (Election Commission of India) ঘৰুৱা প্ৰব্ৰজনকাৰী ভোটাৰসকলৰ বাবে ৰিম'ট ইলেক্ট্ৰ'নিক ভোটিং মেচিনৰ (prototype of Remote Electronic Voting Machin, RVM) এটা প্ৰটোটাইপ বিকশিত কৰিছে । উক্ত ভোটিং মেচিনে এটা বুথৰ পৰাই 72 টা সমষ্টিলৈকে ৰিম'টেৰে ভোটদান পৰিচালনা কৰিব পাৰে । আয়োগে বৃহস্পতিবাৰে ৰিম'ট ভোটদানৰ ওপৰত এক ধাৰণা দি এটা টোকা প্ৰকাশ কৰিছে আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ ওপৰত অংশীদাৰসকলৰ পৰা মতামত বিচাৰিছে ।

লগতে ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আইনী, প্ৰশাসনিক আৰু কাৰিকৰী প্ৰত্যাহ্বানৰ ওপৰত ৰাজনৈতিক দলবোৰৰ মতামত বিচাৰিছে । নিৰ্বাচন আয়োগে 2023 চনৰ 16 জানুৱাৰীত 8 টা স্বীকৃত ৰাষ্ট্ৰীয় দল আৰু 57 টা অন্য ৰাজনৈতিক দলৰ আটাইকেইটাৰ বাবে আৰভিএমৰ প্ৰদৰ্শন কৰিব আৰু তাৰ বাবে সকলোকে আমন্ত্ৰণ জনাইছে (EC scheduled demonstration of RVM) ।

নিৰ্বাচন আয়োগে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এটাৰ সৈতে বৰ্তমান নিজৰ নিজৰ ক্ষেত্ৰত দূৰৱৰ্তী স্থানত থকা ঘৰুৱা প্ৰব্ৰজনকাৰীসকলে যাতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে এক বহু সমষ্টিভিত্তিক আৰভিএম পৰিচালনা কৰিবলৈ সাজু হৈছে (Multi Constituency RVM for domestic migrants) । অৰ্থাৎ শিক্ষা/নিযুক্তি ক্ষেত্ৰ আদিত তেওঁলোকে থকা বৰ্তমানৰ বাসস্থানৰ পৰাও যাতে তেওঁলোকৰ গৃহ সমষ্টিৰ বাবে ভোটদান কৰিব পাৰে সেই উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

ইভিএমৰ এই পৰিৱৰ্তিত প্ৰকাৰে এটা দূৰৱৰ্তী ভোটকেন্দ্ৰৰ পৰা ৭২ টালৈকে একাধিক সমষ্টি পৰিচালনা কৰিব পাৰে । এই পদক্ষেপটো কাৰ্যকৰী হ'লে প্ৰব্ৰজনকাৰীসকলৰ বাবে এক সামাজিক পৰিৱৰ্তন হ'ব পাৰে আৰু তেওঁলোকে শিপাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে । তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকৰ কৰ্মস্থানত থাকিও যিমানবাৰ প্ৰয়োজন ভোটদানত অংশগ্ৰহণ কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগে কয় ।

নিৰ্বাচন আয়োগৰ মতে, সঘনাই বাসস্থান সলনি কৰা, প্ৰব্ৰজনৰ ক্ষেত্ৰৰ সমস্যাবোৰৰ বাবে পৰ্যাপ্ত সামাজিক আৰু আৱেগিক সংযোগ নোহোৱা, যিহেতু তেওঁলোকৰ স্থায়ী বাসস্থান/সম্পত্তি তেওঁলোকৰ সমষ্টিত আছে সেয়ে তেওঁলোকৰ ঘৰ/স্থানীয় সমষ্টিৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম বিলোপ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাটো হৈছে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে তেওঁলোকৰ কৰ্মস্থানত নামভৰ্তি নকৰাৰ মুখ্য কাৰণবোৰৰ ভিতৰত অন্যতম ।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে (Chief Election Commissioner Rajiv Kumar) দাবী কৰে, "যুৱ আৰু নগৰীয়া উদাসীনতাৰ ওপৰত গুৰুত্ব দিয়াৰ পিছত, ৰিম'ট ভোটদান নিৰ্বাচনী গণতন্ত্ৰত অংশগ্ৰহণ শক্তিশালী কৰাৰ বাবে এক পৰিৱৰ্তনশীল পদক্ষেপ হ'ব ।" অধিসূচনা অনুসৰি, 2019-ৰ সাধাৰণ নিৰ্বাচনত ভোটাৰৰ সংখ্যা আছিল 67.4% । আয়োগে প্ৰকাশ কৰামতে, ৩০ কোটিতকৈও অধিক ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ নকৰাৰ বিষয়টোক লৈ নিৰ্বাচন আয়োগ চিন্তিত আৰু লগতে বিভিন্ন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰৰ পাৰ্থক্য আছে ।

আভ্যন্তৰীণ প্ৰব্ৰজনৰ (ঘৰুৱা প্ৰব্ৰজন) বাবে ভোটদান কৰিবলৈ অক্ষম হোৱাটো হৈছে ভোটাৰৰ ভোটদান উন্নত কৰা আৰু অংশগ্ৰহণমূলক নিৰ্বাচন নিশ্চিত কৰাৰ বাবে সমাধান কৰিবলগা এক গুৰুত্বপূৰ্ণ কাৰক । যদিও দেশৰ ভিতৰত প্ৰব্ৰজনৰ বাবে কোনো কেন্দ্ৰীয় ডাটাবেচ উপলব্ধ নাই, ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যৰ বিশ্লেষণে ঘৰুৱা প্ৰব্ৰজনৰ গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাম, বিবাহ আৰু শিক্ষা সম্পৰ্কীয় প্ৰব্ৰজনক সূচায় । নিৰ্বাচন আয়োগে এই সন্দৰ্ভত এনেদৰে যুক্তি আগবঢ়াইছে ।

লগতে পঢ়ক :First Rapid Rail in India : প্ৰাথমিকতা শাখাত ট্ৰেক স্থাপন সম্পূৰ্ণ, পৰৱৰ্তী মাহত পৰীক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.