নেশ্যনেল ডেস্ক, 5 জুলাই: চলিত সপ্তাহতে ৰাছিয়া ভ্ৰমণলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷ 8 জুলাইৰ পৰা এই ভ্ৰমণ আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে ৷ যিহেতু, ভাৰত আৰু ৰাছিয়া দুয়োখন দেশেই বহু-মেৰু বিশ্ব বিচাৰে, সেয়েহে পৰস্পৰৰ ৰাষ্ট্ৰীয় স্বাৰ্থ পূৰণৰ বাবে দুয়োখন দেশেই দুয়োৰে বাবে গুৰুত্বপূৰ্ণ আৰু এই ভ্ৰমণে দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে ৷
পাৰস্পৰিক বিশ্বাসৰ ভিত্তিত গঢ় লৈ উঠা বন্ধুত্বৰ সৈতে এখন দেশে আনখনক মূল্যৱান অংশীদাৰ হিচাপে শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ ইতিমধ্যে, অস্ত্ৰ-শস্ত্ৰ, হাইড্ৰ'কাৰ্বন, পাৰমাণৱিক শক্তি আৰু হীৰাৰ দৰে পৰম্পৰাগত ক্ষেত্ৰত থকা সহযোগিতাৰ উপৰিও দেশ দুখনৰ মাজত ৰব'টিক্স(robotics), নেন'টেক(nanotech), আৰু বায়'টেক(biotech) আদি কৃষি-ঔদ্যোগিক আৰু উচ্চ প্ৰযুক্তি আদি ক্ষেত্ৰত অৰ্থনৈতিক সম্পৰ্কৰ নতুন খণ্ডৰ উদ্ভৱ হৈছে ৷
উল্লেখ্য যে, আফগানিস্তানৰ ব্যৱধান বন্ধ কৰাৰ দুয়োখন দেশেই কাম কৰি থকাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ওপৰত এখন ব্যাপক সন্মিলনী (Comprehensive Convention on International Terrorism) সোনকালে চূড়ান্ত কৰাৰ বাবে আহ্বান জনাইছে ৷ ইয়াৰ উপৰিও ৰাছিয়াই এক সংশোধিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ(reformed United Nations Security Council ) আৰু পাৰমাণৱিক যোগানকৰ্তা গোট(Nuclear Suppliers Group)ৰ স্থায়ী সদস্যপদৰ বাবে আগবঢ়োৱা ভাৰতৰ প্ৰাৰ্থিত্বকো সমৰ্থন কৰে ৷
লগতে পঢ়ক: মোহন ভাগৱতক উদ্দেশ্যি তীব্ৰ বাক্যবাণ ওৱেইছিৰ