ETV Bharat / bharat

PM Modi Slams Congress : কৰ্ণাটকত ৰাজনৈতিক অস্থিৰতাৰ বাবে দায়ী পৰিয়ালতান্ত্ৰিক কংগ্ৰেছ; প্ৰধানমন্ত্ৰী মোডী - Modi attack congress and JDS in Karnataka

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত পুনৰবাৰে মোডীৰ মুখত কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ কথা । কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয় কয় ৰাজ্যখনত ৰাজনৈতিক এস্থিৰতাৰ বাবে কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰ আৰু জেডিএছ মূলত দায়বদ্ধ (PM Modi Slams Congress as dynastic) ।

PM Modi Slams Congress
PM Modi Slams Congress
author img

By

Published : Apr 30, 2023, 9:09 PM IST

নিউজ ডেস্ক, ৩০ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে পৰিয়ালতান্ত্ৰিক কংগ্ৰেছ আৰু জেডিএছৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক কৰি কয় যে, কৰ্ণাটকত ৰাজনৈতিক অস্থিৰতাৰ বাবে দুয়োটা দলেই দায়ী (Modi slams congress for political instability in Karnataka) । মোডীয়ে লগতে অভিযোগ কৰে যে, দুয়োটা দলে কৰ্ণাটকক এটিএম হিচাপে প্ৰত্যক্ষ কৰে আৰু তেওঁলোকে অস্থিৰতাৰ সুযোগ লৈছে (Modi attack congress and JDS in Karnataka) ।

"অস্থিৰতাৰ বাবে কংগ্ৰেছ আৰু জেডিএছ দায়বদ্ধ (Karnataka Assembly election 2023) । তেওঁলোকে দুটা পৃথক দল হোৱাৰ ভাও লয়, কিন্তু তেওঁলোকৰ হৃদয়ত একেটাই কথা । তেওঁলোক দিল্লীত একেলগে আছে । তেওঁলোকে সংসদত ইজনে সিজনক সহায় কৰে ।" মোডীয়ে কৰ্ণাটকৰ ৰামনগৰ জিলাৰ চান্নাপাটনাত এখন ৰাজহুৱা সভাত এই কথা কয় । উল্লেখ্য, এই সমষ্টিটো হৈছে জেডিএছৰ দুৰ্গ ।

এই সমষ্টিটোতেই জেডিএছৰ ছেকেণ্ড-ইন-কমাণ্ড এইচ ডি কুমাৰস্বামীয়ে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী চি পি যোগেশ্বৰক পৰাস্ত কৰি জয়লাভ কৰিছিল । তেওঁ পুনৰ সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে, কংগ্ৰেছ আৰু জেডিএছ দুয়োটা প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখি মোডীয়ে কয়, "দুয়োটায়ে পৰিয়ালতান্ত্ৰিক দল আৰু দুৰ্নীতিক উদগনি দিয়ে । দুয়োটা দলেই অস্থিৰতাৰ সুযোগ ল'ব বিচাৰিছে ।"

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "দীৰ্ঘদিন ধৰি কৰ্ণাটকত অস্থিৰ চৰকাৰৰ নাটক দেখা গৈছে । অস্থিৰ চৰকাৰসমূহে লুণ্ঠনৰ সুযোগ প্ৰদান কৰে । সদায়ে ইয়াত লুণ্ঠনৰ বাবে যুঁজ হয় আৰু অস্থিৰতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । অস্থিৰ চৰকাৰত উন্নয়ন নহয় ।" মোডীয়ে লগতে কয় । ইফালে জেডিএছক আক্ৰমণ কৰি তেওঁ কয় যে, দলটোৱে মুকলিকৈ ঘোষণা কৰিছিল যে, যদি তেওঁলোকে ২২৪ জনীয়া বিধানসভাৰ নিৰ্বাচনত ১৫-ৰ পৰা ২০ খন আসন লাভ কৰে, তেন্তে দলটো হ'ব কিংমেকাৰ ।

"এই স্বাৰ্থপৰ দৃষ্টিভংগীয়ে এটা পৰিয়ালক লাভান্বিত কৰিব পাৰে । কিন্তু ইয়াৰ ফলত কৰ্ণাটকৰ লাখ লাখ পৰিয়ালৰ লোকচান হ'ব পাৰে ।" প্ৰধানমন্ত্ৰীয়ে কয় । উল্লেখ্য, নিৰ্বাচনমুখী কৰ্ণাটকত বিগত দুটা দিনত মোডীৰ এইখন হৈছে পঞ্চম জনসভা । অহা ১০ মে'ত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ফলাফল ঘোষণা হ'ব ১৩ মে'ত ।

লগতে পঢ়ক :Amit Shah Slams Congress: ৭০ বছৰ ধৰি কংগ্ৰেছে ৰাম মন্দিৰ প্ৰসংগ ওলোমাই ৰাখিছিল; অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.