ইম্ফল, 11 মে’: নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰিছে আৰক্ষীৰ লোকো ৷ মঙলবাৰে আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ হেৰ’ইনখিনিৰ লগতে দুজনকৈ সৰবৰাহককাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অপৰাধত আৰক্ষীৰ এজন হেড কনিষ্টবলকো গ্ৰেপ্তাৰ কৰিছে ৷
ঘটনাটো মণিপুৰৰ ৷ মণিপুৰৰ কাংপোকপি আৰক্ষী থানাৰ(Kangpokpi Police Station in Manipur) এটা দলে দেওবাৰে চলোৱা এক অভিযানত এখন হোণ্ডা চিটি গাড়ীৰ পৰা 212 টা চাবোনৰ বাকচত সোমাৱাই অনা ২.১৩ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে (Drugs worth around Rs 32 crore seized) ৷ জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য স্থানীয় বজাৰত ৬৩ লাখ, ৬০ হাজাৰ টকা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩১ কোটি ৮০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে । হেৰ’ইনখিনিৰ লগতে দুজনকৈ সৰবৰাহকাৰী ক্ৰমে চ'নলিচেই হাওকিপ আৰু জামগৌলেন হাওকিপক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
হেৰ’ইনখিনিৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত চুৰাচান্দপুৰ আৰক্ষী থানাৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত লুনমিণ্টাং হাওকিপক নামৰ এজন জোৱানকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Head Constable arrested for involving in drug peddling) ৷ লগতে জোৱানজনৰ পৰা পঞ্জীয়ন নোহোৱা এখন মহিন্দ্ৰা থাৰ বাহন জব্দ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: ওলোটা খৰ : জোনমণি ৰাভাৰ বিৰুদ্ধে ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ