নেশ্যনেল ডেস্ক,৩ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা ব্যৱস্থাত পুনৰ সুৰুঙা । এইবাৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে কোনো লোকে উৰুৱালে ড্ৰোণ । সোমবাৰে পুৱাই প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ ওচৰত ড্ৰোণ সদৃশ বস্তু প্ৰত্যক্ষ কৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতি । দিল্লী আৰক্ষীয়ে ড্ৰোণ সদৃশ বস্তুৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । অৱশ্যে সেয়া ড্ৰোণ নে আন কিবা বস্তু আছিল সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই ।
দিল্লী আৰক্ষীয়ে জনোৱা মতে পুৱা প্ৰায় ৫.৩০ মান বজাত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্বত থকা এছপিজিয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওপৰেৰে ঘূৰি থকা কিছুমান ড্ৰোণ সদৃশ অচিনাক্ত বস্তু প্ৰত্যক্ষ কৰে ।
লগে লগে সকলোকে সতৰ্ক কৰি দিয়া হয় । ইফালে এই তথ্য লাভ কৰাৰ পাছতে দিল্লী আৰক্ষীয়ে ৰহস্যজনক ড্ৰোণ বিচাৰি ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে । অৱশ্যে, আৰক্ষীয়ে এতিয়ালৈ তাৰ কোনো সম্ভেদ পোৱা নাই । আৰক্ষীয়ে জনোৱা মতে প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে ড্ৰোণ সদৃশ কোনো বস্তু প্ৰত্যক্ষ কৰা গৈছিল । লগে লগে আৰক্ষীয়ে ওচৰৰ অঞ্চলবোৰত পুংখানুপুংখ অনুসন্ধান কৰিছে । কিন্তু তেনে কোনো বস্তু চিনাক্ত কৰা হোৱা নাই । আৰক্ষীয়ে এয়াৰ ট্ৰেফিক কণ্ট্ৰোল ৰুমৰ সৈতেও যোগাযোগ কৰিছে । তেওঁলোকেও প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰত তেনে ধৰণৰ কোনো উৰণীয়া বস্তু চিনাক্ত কৰা নাই ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ বাসভৱন এক সীমাবদ্ধ আকাশসীমাৰ মাপকাঠিৰ ভিতৰত পৰে । বিশেষকৈ ৰেড জ'ন হিচাপে ৰখা হয় । যাক ন' ফ্লাই জ'ন বুলি কোৱা হয় । সেই অঞ্চলটোত ড্ৰোণ পৰিচালনা নিষিদ্ধ । প্ৰধানমন্ত্ৰী হিচাপে বা দেশৰ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে তেওঁৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সীমাবদ্ধতা বলবৎ কৰা হয় ।
কিন্তু এই ঘটনাটোৱে নিৰাপত্তা প্ৰটোকল ভংগ আৰু সংবেদনশীল এলেকাসমূহত অনুমোদন নোহোৱা ড্ৰোণৰ দ্বাৰা উদ্ভৱ হোৱা সাম্ভাব্য ভাবুকিৰ বিষয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে । যদি সঁচাকৈয়ে সেয়া ড্ৰোণ আছিল তেনেহ'লে কোনে উৰুৱাইছিল । কি আঁৰত কি উদ্দেশ্য আছিল ? দেশবাসীৰ মনত এতিয়া এই সকলোবোৰ প্ৰশ্ন উত্থাপন হৈছে ।