ETV Bharat / bharat

ড্ৰোণ আক্ৰমণ সন্দৰ্ভত কি ক'লে জম্মুৰ বায়ু সেনা বাহিনীৰ জোৱানে !

ড্ৰোণেৰে বিস্ফোৰণ সংঘটিত কৰা সময়ত কিমান সতৰ্ক হৈ আছিল জম্মুৰ বায়ু সেনাৰ বিমান ঘাটিত নিয়োজিত জোৱানসকল ? ড্ৰোণৰ শব্দ শুনাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে বায়ু সেনাৰ জোৱানে ? প্ৰকৃততে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ?

Drone attack in IAF station
জম্মুৰ বায়ু সেনাৰ বিমানঘাটিত বোমা বিস্ফোৰণ
author img

By

Published : Jul 2, 2021, 5:16 PM IST

নেশ্যনেল ডেস্ক, ২ জুলাই: যোৱা ২৭ জুনত জম্মুৰ বায়ু সেনাৰ বিমানঘাটিত হোৱা বিস্ফোৰণ সন্দৰ্ভত কিছু তথ্য প্ৰকাশ কৰিছে বায়ু সেনাৰ এক সূত্ৰই । দৰাচলতে সেনাই গিজগিজাই থকা অঞ্চলত শত্ৰুৱে কেনেকৈ ড্ৰোণেৰে দুটাকৈ বিস্ফোৰণ সংঘটিত কৰিলে তাক লৈ এতিয়াও বহু প্ৰশ্নৰ অৱতাৰণা হৈয়েই আছে । বায়ু সেনাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, ভাৰতীয় বায়ু সেনাৰ জোৱানসকলে বিমানঘাটিত ড্ৰোণ প্ৰৱেশ কৰাৰ শব্দ শুনিছিল । নিশা প্ৰায় ১.৩০ বজাত বিমানঘাটিত ড্ৰোণ প্ৰৱেশ কৰিছিল আৰু দুগৰাকী জোৱানে শব্দ শুনিবলৈ পাইছিল ।

শব্দ শুনাৰ লগে লগে জোৱান দুজনে নিজৰ স্থানত সতৰ্ক হৈ আছিল । কিন্তু তেওঁলোকে যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বেই ৩০ ছেকেণ্ডৰ ভিতৰতে বিস্ফোৰণ সংঘটিত হয় । বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে জোৱানসকল ঘটনাস্থলীৰ ফালে দৌৰি যায় আৰু বিস্ফোৰণ সংঘটিত হোৱা কোঠাটোত থকা এজন জোৱানক উদ্ধাৰ কৰে । অৱশ্যে ড্ৰোণ দুখন জোৱানসকলে দেখা পোৱা নাছিল । কিয়নো ড্ৰোণৰ লাইটবোৰ জ্বলি থকা নাছিল । ঘটনাটোৰ তদন্তৰ দায়িত্বত থকা এক সূত্ৰই জনোৱা মতে, জোৱানসকলে দাঙি ধৰা তথ্যই বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰাৰ ক্ষেত্ৰত সহায় কৰিব ।

বৰ্তমান সন্ত্ৰাসবাদীৰ যিকোনো সাম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ বিমানঘাটি বোৰত সতৰ্কতা অৱলম্বন কৰা হৈছে । উল্লেখ্য যে, যোৱা ২৭ জুনত জম্মুস্থিত বায়ু সেনাৰ বিমানঘাটিৰ ভিতৰত ড্ৰোণেৰে দুটাকৈ বিস্ফোৰণ সংঘটিত কৰা হৈছিল । এই বিস্ফোৰণত দুজন জোৱান সামান্যভাৱে আহত হৈছিল ।

অৱশ্যে বিস্ফোৰণত কোনো বিমানৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই । নিৰাপত্তা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, বিমানঘাটিটোত ড্ৰোণেৰে আক্ৰমণ কৰাৰ বাবে শক্তিশালী বিস্ফোৰক সামগ্ৰীৰ লগতে আই ই ডি ব্যৱহাৰ কৰা হৈছিল । পাঁচ মিনিটৰ ব্যৱধানত দুটা বিস্ফোৰণ হৈছিল । আনহাতে, এই ঘটনাৰ পিছতো একেৰাহে চাৰিদিন ধৰি জম্মুৰ আকাশত সন্দেহজনক ড্ৰোণ উৰি থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:প্ৰতিটো লেনদেনত Paytmৰ কেছবেক ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.