ETV Bharat / bharat

"তিনি ৰাজ্যত বিজেপিৰ অগ্ৰগতিৰ মূলতে বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰ": মুখ্যমন্ত্ৰী একনাথ সিন্দে

author img

By ANI

Published : Dec 3, 2023, 1:26 PM IST

মধ্য প্ৰদেশ আৰু ৰাজস্থানত বিজেপি জয়ী হৈছে। এই নিৰ্বাচনত জয়লাভ কৰাৰ আঁৰত বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে সু-নেতৃত্ব লৈছে - একনাথ সিন্দে

"Double-engine government of BJP worked well": Maharashtra CM
"তিনি ৰাজ্যত বিজেপিৰ অগ্ৰগতিৰ মূলতে বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰ": মুখ্যমন্ত্ৰী একনাথ সিন্দে

নেশ্য়নেল ডেস্ক, 3 ডিচেম্বৰ : আজি চাৰি ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ট্ৰেণ্ড অনুসৰি মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপি আগবাঢ়ি আছে, আনহাতে তেলেংগানাত কংগ্ৰেছ আগবাঢ়ি আছে। পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছে ফটকা ফুটাই বিজয় উল্লাস কৰিছিল যদিও পৰৱৰ্তী সময়লৈ বাজী ওলটি যায় ৷

ইয়াৰ পিচতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই ৰাজ্যসমূহত বিজেপি দলৰ সফলতাৰ বাবে দ্বৈত ইঞ্জিনৰ বিজেপি চৰকাৰক কৃতিত্ব দিয়ে ৷ সিন্দেই কয় যে, মধ্য প্ৰদেশ আৰু ৰাজস্থানত বিজেপি জয়ী হৈছে। এই নিৰ্বাচনত জয়লাভ কৰাৰ আঁৰত বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে সু-নেতৃত্ব লৈছে ৷ এই পৰিৱৰ্তন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ সমৰ্পণৰ বাবে হৈছে ৷ ভাৰত ব্লকে উন্নয়নৰ বিষয়ে কথা নকয় আনহাতে মোদী চৰকাৰে উন্নয়নৰ ওপৰত কথা কয়।

মুখ্যমন্ত্ৰী একনাথ চিন্দেয়ে আজি মুম্বাইৰ বিভিন্ন প্ৰান্তত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰি 'স্বচ্ছতা অভিযান' সম্পৰ্কে লোকসকলক সচেতন হ’বলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মুম্বাইৰ কমলা নেহৰু উদ্যান আৰু মালাবাৰ পাহাৰ পৰিদৰ্শন কৰে ৷

ভোটগণনা আগবাঢ়ি যোৱাৰ লগে লগে, ইচিআইৰ অনুসৰি, ৰাজস্থানত বিজেপি 113 আৰু কংগ্ৰেছে 71 খন আসনত আগবাঢ়ি আছে ৷ মধ্য প্ৰদেশত 163 খন আসনত বিজেপি আৰু 65 খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে ৷ ছত্তীশগড়ত 53 খন আসনত বিজেপি আৰু 36 খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে ৷ তেলেংগানাত কংগ্ৰেছে 64 আৰু BRS এ 41 খন আসনত আগবাঢ়িছে ৷

ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজস্থান আৰু ছত্তীশগড়ত মেজিক নম্বৰ অতিক্ৰম কৰিছে ৷

লগতে পঢ়ক: ছত্তীশগড়ত গাদীচ্যুত কংগ্ৰেছ ! বিজেপিৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.