নেশ্যনেল ডেস্ক,17 মে': সোমবাৰে ভক্তৰ বাবে পুনৰ দুৱাৰ মুকলি কৰা হ’ল শক্তিপীঠ ৰুদ্ৰনাথ-তুংগনাথৰ ৷ কৰ'ণা সংক্ৰমণৰ বাবে ভক্তৰ বাবে বন্ধ কৰি ৰখা শক্তিপীঠ দুখন পুনৰ খোলাৰ সিদ্ধান্ত লয় মন্দিৰ পৰিচালনা কমিটিয়ে ৷ মূল দুৱাৰৰ লগতে তিনিটাকৈ শিৱলিংগত পূজা-অৰ্চনা কৰাৰ বাবে মন্দিৰ দুটা মুকলি কৰি দিয়া বুলি মন্তব্য কৰে মন্দিৰ কৰ্তৃপক্ষই ৷ ইয়াৰোপৰি ব্ৰহ্মমুহুৰ্তত কেদাৰনাথ ধামো মুকলি কৰা হয় ৷
কি নিয়মেৰে খোলা হ'ব তুংগনাথ ধাম...
দেওবাৰে নিশা তৃতীয় কেদাৰ ভগৱানৰ তুংগনাথৰ চল বিগ্ৰহ উৎসৱ অনুষ্ঠিত কৰাৰ পাচতে দোলীসহ সোমবাৰে ৰাতিপুৱা চোপ্তাৰ পৰা কেদাৰ ভগৱানক তুংগনাথ ধামলৈ অনা হ'ব । তাৰপাচতে ধামৰ মূল দুৱাৰ খোলা হ'ব ৷
ইতিমধ্যে দেওবাৰে আচাৰ্যসকলে ভূতনাথ মন্দিৰত পঞ্চগ পূজনৰ অংশ হিচাপে ব্ৰহ্মবেলাত ভগৱান তুংগনাথক প্ৰাৰ্থনা কৰে আৰু নিশা ১০ বজাত ভগৱান তুংগনাথৰ চল বিগ্ৰহ উৎসৱ ডলী ধামলৈ ৰাওনা হয় ৷ ডলী পাবাগপুৰা গাঁৱত উপস্থিত হোৱাৰ পিছত ভক্তসকলে কৈলাশৰ বাবে ডলীক বিদায় জনায় ।
তুংগনাথৰ ঐশ্বৰিক স্থান য'ত শিৱ আৰু ৰাম বাস কৰে...
তুংগনাথ হৈছে এক ঐশ্বৰিক স্থান য'ত শিৱ আৰু ৰাম দুয়োৰে অনুগ্ৰহত বৰষুণ হয় । দেৱাদিদেৱ মহাদেৱৰ অন্যতম পঞ্চ কেদাৰ তুংগনাথে আন কেদাৰৰ তুলনাত বিশেষ গুৰুত্ব পাই আহিছে ৷ কিয়নো ইয়াত ৰামচন্দ্ৰই তেওঁৰ জীৱনৰ কেইটামান মুহুৰ্ত অতিবাহিত কৰিছিল ।
পাণ্ডৱসকলে তুংগনাথ মন্দিৰ নিৰ্মাণ কৰিছিল...
পাণ্ডৱসকলে তুংগনাথ মন্দিৰ স্থাপন কৰিছিল বুলি কোৱা হয় । এই মন্দিৰটো পঞ্চকেদাৰৰ মাজত সৰ্বোচ্চ শৃংগত আছে । তুংগনাথৰ শীৰ্ষত তিনিটা সোঁতৰ উৎস আছে ৷ যাৰ পৰা অক্ষকামিনী নদী বৈছে । এই মন্দিৰটো ৰুদ্ৰপ্ৰয়াগ জিলাৰ চোপ্তাৰ পৰা তিনি কিল’মিটাৰ দূৰৈত অৱস্থিত ৷
ব্ৰহ্মমুহুৰ্তত খোলা হ'ল শক্তিপীঠ কেদাৰনাথ...
সোমবাৰে কেদাৰনাথ, তুংগনাথৰ লগতে ৰুদ্ৰনাথ ভক্তৰ বাবে মুকলি কৰা হ'ল । বিগত বছৰৰ দৰে ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ 20 জন ভক্তক ৰুদ্ৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ অনুমতি দিয়া হৈছে । উল্লেখ্য যে, ভক্তসকলে ৰুদ্ৰনাথ মন্দিৰলৈ প্ৰায় 24 কিল’মিটাৰ পথ খোজকাঢ়ি ভ্ৰমণ কৰে । সেইসময়ত ভক্তসকলে পুং, লভিথি, পানাৰ আৰু পিত্ৰাধাৰৰ দৰে মনোৰম ঠাইৰ মাজেৰে গৈ ৰুদ্ৰনাথ মন্দিৰত উপস্থিত হয় ।
ইয়াত ভগৱান শিৱৰ দৰ্শন হয়...
ৰুদ্ৰনাথ পঞ্চ কেদাৰৰ ভিতৰত অন্যতম । পঞ্চকেদাৰ মানে হৈছে শিৱ মন্দিৰৰ পাঁচটা সামূহিক নাম । এই মন্দিৰসমূহ উত্তৰাখণ্ডত অৱস্থিত । লোক বিশ্বাস অনুসৰি এই কেদাৰসমূহ পাণ্ডৱসকলে নিৰ্মাণ কৰিছিল । ৰুদ্ৰনাথ ধাম উত্তৰাখণ্ডৰ চামোলি জিলাৰ সাগৰপৃষ্ঠৰ পৰা 11,808 মিটাৰ উচ্চতাত অৱস্থিত । য'ত ভগৱান শিৱৰ মুখৰ দৰ্শন আছে ৷
বিশ্বাসৰ ওপৰত কৰ'ণাৰ ছাঁ...
উল্লেখ্য যে, কৰ'ণা সংক্ৰমণৰ বাবে কেদাৰনাথৰ চাৰধাম যাত্ৰা পিছুৱাই দিয়া হৈছে। যাৰ বাবে ভক্তসকলক বাবা কেদাৰৰ এই মন্দিৰসমূহ দৰ্শন কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷ বৰ্তমানেও কেৱল সীমিত সংখ্যক ভক্তকহে মন্দিৰ দৰ্শন কৰিবলৈ অনুমতি দিয়া হৈছে ৷
লগতে পঢ়ক: ১৫ জুন পৰ্যন্ত পুৰীৰ জগন্নাথ মন্দিৰত ভক্তৰ প্ৰৱেশত বাধা