ETV Bharat / bharat

সংসদক মাছৰ বজাৰলৈ পৰিণত নকৰিব: মুখতাৰ আব্বাছ নকভি

author img

By

Published : Aug 4, 2021, 7:07 PM IST

সদনত কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি(Mukhtar Abbas Naqvi) আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰেইন(Derek O'Brien)ৰ বাকযুদ্ধ । আলোচনা নকৰাকৈ সংসদত বিধেয়ক গৃহীত কৰাৰ বাবে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Mukhtar Abbas Naqvi slammed TMC MP Derek O' Brien
তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰাইনলৈ তীক্ষ্ণ বাক্যবাণ কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভিৰ

নেশ্যনেল ডেস্ক, ৪ আগষ্ট: তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰাইন(Derek O'Brien)ক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি(Mukhtar Abbas Naqvi)ৰ । দৰাচলতে আলোচনা নকৰাকৈ সংসদত বিধেয়ক গৃহীত কৰাৰ বাবে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছিল আৰু কটু মন্তব্যও আগবঢ়াইছিল । ইয়াৰ পাছতে ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়ে তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ'ব্ৰাইনক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰে । অ'ব্ৰাইনৰ বিৰুদ্ধে সংসদৰ মৰ্যাদা কলুষিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে নকভিয়ে ।

লগতে কৌতুক কৰি কয় যে, যদি 'পাপৰি চাট' খালে তেওঁৰ এলাৰ্জিক হয়, তেন্তে তেওঁ মাছৰ আঞ্জা খাব পাৰে । কিন্তু সংসদক মাছৰ বজাৰত পৰিণত নকৰিব বুলি কয় কটাক্ষ কৰে । সোমবাৰে, অ'ব্ৰায়েনে আলোচনা নকৰাকৈ সংসদত বিধেয়ক উত্থাপন কৰাৰ বাবে মোডী চৰকাৰক সমালোচনা কৰিছিল । এটা টুইটত তেওঁ উল্লেখ কৰে যে, বৰ্ষাকালীন অধিৱেশনত মোডী-শ্বাহে প্ৰতিখন বিধেয়কৰ বাবে সাত মিনিটৰো কম সময় লৈ মুঠ ১২ খন বিধেয়ক গৃহীত কৰে ।

আইন প্ৰণয়ন কৰাতো পাপৰি চাট তৈয়াৰ কৰাৰ দৰে নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । লগতে তেওঁ উল্লেখ কৰে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মঙলবাৰে সংসদলৈ আহিলে তেওঁ মুণ্ডন কৰিব । কেন্দ্ৰীয় মন্ত্ৰী নকভিয়ে অ'ব্ৰাইনৰ টুইটৰ প্ৰতিক্ৰিয়া কৰি কয় যে, অ'ব্ৰাইনে কোশী নদীৰ পাৰতে মুণ্ডন কৰোৱা উচিত ।

এয়া কেৱল ৰাজনীতি কৰাৰ আৰু সদনৰ কাম-কাজত ব্যাঘাত জন্মোৱাৰ উপায় নহয় বুলিও তেওঁ মন্তব্য কৰে । আনহাতে, 'পেগাচাছ' বিষয়ক লৈ বিৰোধীয়ে সৃষ্টি কৰা সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি অহাৰ মাজতে লোকসভা আৰু ৰাজ্যসভাত কেন্দ্ৰই কেইবাখনো বিধেয়ক উত্থাপন কৰিছে । ১৯ জুলাইত বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পৰাই দুয়োখন সদনত বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

লগতে পঢ়ক:এছ জয়শংকৰক ফোন কৰি কি আহ্বান জনালে আফগানিস্তানৰ মন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.