ETV Bharat / bharat

মোডীজীৰ নেতৃত্বত মিজোৰামত উন্নয়ন হৈছে : ড৹ জিতেন্দ্ৰ সিং

মিজোৰামৰ চেৰছিপ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে তৎপৰ হৈছে বিজেপি ৷ বুধবাৰে চেৰছিপ জিলা ভ্ৰমণ কৰে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে ৷ 17 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰচাৰ অভিযানৰ নেতৃত্ব দিব সিঙে ৷

author img

By

Published : Apr 14, 2021, 8:47 PM IST

DoNER Minister Dr. Jitendra Singh visits Mizoram
মিজোৰামত উপস্থিত হয় কেন্দ্ৰীয় ড‘নাৰ মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিং

আইজল,14 এপ্ৰিল: কেন্দ্ৰীয় ড‘নাৰ মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে মিজোৰামৰ চেৰছিপ জিলা ভ্ৰমণ কৰে ৷ 17 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া চেৰছিপ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰৰ নেতৃত্ব দিব সিঙে ।

চেৰছিপ আৰু থেনজাৱলত অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড৹ জিতেন্দ্ৰ সিঙে কয়, "বিজেপি হৈছে ব্যতিক্ৰমী দল, যি ভাৰতৰ জন সাধাৰণৰ উন্নতিৰ বাবে কাম কৰে । মোডীজীৰ নেতৃত্বত মিজোৰামে ৰাজ্যখনৰ সমগ্ৰ অঞ্চলত গুৰুত্বপূৰ্ণ উন্নয়ন দেখিছে ৷ বাংলাদেশ সীমান্তত কালাদন মাল্টি-মডেল প্ৰকল্প, অসম সীমান্তত বৈৰাবি ৰে’লৱে, টুইৰিয়াল হাইডেল প্ৰকল্প ইত্যাদিৰ দৰে উন্নয়নমূলক কাম কৰিছে ।

কংগ্ৰেছ দলৰ বিপৰীতে, বিজেপিয়ে নিবিচাৰে যে নিৰ্বাচনৰ সময়ছোৱাত জন সাধাৰণে দৰিদ্ৰতাত দিন পাৰ কৰক আৰু কোনোবাই সেই দৰিদ্ৰতাৰ অপব্যৱহাৰ কৰক । মই চেৰছিপ সমষ্টিৰ জন সাধাৰণক জনাব বিচাৰো যে, যদি বিজেপি প্ৰাৰ্থী লালহৰিয়াত্ৰেংগা চাংটে নিৰ্বাচিত হয়, তেন্তে তেওঁৰ দ্বাৰা প্ৰস্তাৱিত সকলো উন্নয়নমূলক প্ৰকল্প মোৰ সৈতে আলোচনা কৰা হ'ব" বুলি জিতেন্দ্ৰ সিঙে সদৰী কৰে ৷

লগতে পঢ়ক: পৰম্পৰাগতভাৱে বিশ্বনাথবাসীয়ে উদযাপন কৰিলে গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.